শেহতীয়া খবৰ
নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...

অসমীয়াতে ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে প্রধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে…

191

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি উদযাপন কৰা হৈছে মাঘবিহু। পুৱাই পৰম্পৰা অনুসৰি সকলো অসমীয়াই জ্বলালে ভেলাঘৰ-মেজি। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসমীয়াত অসমবাসীক জনালে মাঘ বিহুৰ শুভেচ্ছা। প্ৰধানমন্ত্ৰী মোডীয়ে ছ’চিয়েল মিডিয়াত লিখিছে- ‘সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো। অনাগত সময়বোৰ আনন্দেৰে ভৰি পৰক। ঈশ্বৰৰ আশীৰ্বাদত চৌদিশে ভাতৃত্ববোধ আৰু কল্যাণ বিৰাজ কৰক।’

আনহাতে, অসমীয়াতে মাঘ বিহুৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে লিখিছে- ‘মাঘ বিহুৰ শুভক্ষণত অসমবাসীক মোৰ আন্তৰিক ওলগ জনালোঁ। মা কামাখ্যাৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ, আনন্দ আৰু সমৃদ্ধিৰে উপচাই তোলক, তাৰেই কামনা কৰিলোঁ।’

ইফালে, টুইটাৰযোগে মাঘ বিহুৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ টুইটাৰত এটা ভিডিঅ’ সংলগ্ন কৰি মাঘ বিহুৰ শুভেচ্ছা জনাই লিখিছে- ‘ভোগ, আনন্দ আৰু সমৃদ্ধিৰে উপচি পৰক সকলোৰে জীৱন আৰু সুদৃঢ় হওক জাতি-জনগোষ্ঠীসমূহৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন, তাৰেই কামনাৰে মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ অসমবাসীক হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি