পদূলিত মাঘ বিহু, আমনিশালীত দৃষ্টিনন্দন ভেলাঘৰ

পদূলিত মাঘ বিহু, আমনিশালীত দৃষ্টিনন্দন ভেলাঘৰ

ডিজিটেল সংবাদ, ৰহাঃ অশান্তিৰ মাজতো আহি পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। বিগত বছৰবোৰৰ দৰে এইবাৰো ভোগালী বিহুক লৈ উছাহৰ অন্ত নাই ৰহাৰ আমনিশালীবাসীৰ। ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণেৰে চমক সৃষ্টি কৰি অহা ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতিয়ে এইবাৰো গঁড় সুৰক্ষা আৰু প্ৰকৃতি সুৰক্ষা বাৰ্তাৰে নিৰ্মাণ কৰা ব্যতিক্ৰমী ভেলাঘৰলৈ সোঁত বৈছে ৰাইজৰ।

প্ৰায় সম্পূৰ্ণ হৈ উঠা দৃষ্টিনন্দন ভেলাঘৰটো চাবলৈ লানি লাগিছে অঞ্চলৰ ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ। দেশী-বিদেশী পৰ্যটকেও ৰৈ ৰৈ চাইছে আটক ধুনীয়া ভেলাঘৰটো।

ইপিনে এই ব্যতিক্ৰমী ভেলাঘৰৰ পথাৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে জনগোষ্ঠীয় খাদ্য মেলাৰ। এইবাৰ সা ৰে গা মা সুৰ বাহিনী অসমৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই খাদ্যমেলাত মাজুলী, ধেমাজী, লখিমপুৰ আদি অসমৰ বিভিন্ন অঞ্চলৰ জনগোষ্ঠীয় খাদ্য সম্ভাৰে ভৰি পৰিছে আমনিশালীৰ এই মনোমোহা ভেলাঘৰৰ বাকৰি আৰু অভূতপূৰ্ব সমাদৰ লাভ কৰিছে এই খাদ্যই।

দেশী-বিদেশী লোকেও জুতি লৈছে জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হৈছে এই খাদ্য মেলাৰ। আমনিশালীৰ ভগৱান সেনাপতিৰ অপূৰ্ব সৃষ্টি দৃষ্টিনন্দন ভেলাঘৰ চাবলৈ এতিয়া নিতৌ ভিৰ কৰিছে শ শ লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in