মফচলীয়া সাংবাদিকেৰে বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ মত-বিনিময়…

মফচলীয়া সাংবাদিকেৰে বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ মত-বিনিময়…

ডিজিটেল সংবাদ, চেঙাঃ সাংবাদিক আৰু আৰক্ষীৰ মাজত এক মধুৰ সম্পৰ্ক থাকিব লাগে । বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ আহ্বানত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত এইদৰে কয় সাংবাদিক পেন্সনাৰ মৃণাল মল্ল পাটোৱাৰীয়ে।

বৰপেটা জিলাৰ মফচলীয়া সাংবাদিকেৰে মত-বিনিময় কৰাৰ বাবে বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ আহ্বানত বৃহস্পতিবাৰে বৰপেটাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । আৰক্ষী অধীক্ষকৰ কোঠাত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বৰপেটা জিলাৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক হেমেন দাসে। আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে আৰক্ষী আৰু সাংবাদিকৰ মাজত থকা ব্যৱধান হ্ৰাস কৰাৰ বাবে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে আৰু আৰক্ষী আৰু সাংবাদিকৰ সম্পৰ্ক মজবুত হ'ব লাগিব বুলিও দোহাৰে।

সভাখনত বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতীৰ লগতে সৰুক্ষেত্ৰী মহকুমা সাংবাদিক সংস্থা আৰু কয়াকুছি প্ৰেছ ক্লাৱৰ কেইবাগৰাকী সাংবাদিক উপস্থিত থকা সভাখনত জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেন্সনাৰ মৃণালমল্ল পাটোৱাৰী, হৰমোহন বৰ্মন, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, তফিকুৰ ৰহমান, চিন্ময় ডেকা, মইদুল ইছলাম, ৰাহুল আমিন, আফতাফ হুছেইন, দিলদাৰ হুছেইন আদিয়ে বক্তব্য প্ৰদান কৰে।

সাংবাদিক নকুল তালুকদাৰে সভাত সাংবাদিক সকলক বাতৰি সংগ্ৰহৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । একেদৰে আৰক্ষীৰ নিয়মাৱলীৰ সমান্তৰালকৈ মানৱতাক আগস্থান দিবলৈও আহ্বান জনায়। সভাত আৰক্ষী অধীক্ষকে দক্ষতাৰে কাম-কাজ আগুৱাই নিয়াত সাংবাদিকসকলে ধন্যবাদ জ্ঞাপন কৰে। মত-বিনিময় অনুষ্ঠানত সাংবাদিক সকলক আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in