বৃহৎ বিস্ফোৰণত ধ্বংসস্তূপত পৰিণত হ’ল মাদ্ৰাছা…

বৃহৎ বিস্ফোৰণত ধ্বংসস্তূপত পৰিণত হ’ল মাদ্ৰাছা…

বৃহৎ বিস্ফোৰণত ধ্বংসস্তূপত পৰিণত হ'ল মাদ্ৰাছা…

ডিজিটেল ডেস্কঃ বিহাৰৰ বাংকা জিলাৰ এখন মাদ্ৰাছাত এক বৃহৎ বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে মাদ্ৰাছাখনৰ অট্টালিকাটো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে।

জিলাখনৰ আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ গুপ্তাই বিবিচিৰ আগত আগবঢ়োৱা মন্তব্য অনুসৰি, পুৱা ৮ বজাত বাংকাৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত মাদ্ৰাছা এখনত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণটোত মাদ্ৰাছাখনৰ ছাত আৰু দেৱাল খহি পৰিছিল। ইমান এটা বৃহৎ বিস্ফোৰণ সংঘটিত হৈছে যদিও বিস্ফোৰণটোৰ ফলত কোনো ব্যক্তিৰ প্ৰাণহানিৰ খবৰ পোহৰলৈ অহা নাই।

মাদ্ৰাছাখনত কিদৰে শক্তিশালী বিস্ফোৰণটো সংঘটিত হৈছিল সেয়া অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীয়ে বৈজ্ঞানিকভাৱে অনুসন্ধান আৰম্ভ কৰিছে আৰু শীঘ্ৰে ইয়াৰ সবিশেষ তথ্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে।

বাংকা জিলাৰ আৰক্ষী অধীক্ষকজনে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি মাদ্ৰাছাখন এটা মছজিদৰ সন্মুখত আছিল। মছজিদৰ সন্মুখভাগ বন্ধ হৈ আছে যদিও মাদ্ৰাছাৰ ভিতৰেদি এটা পথ মছজিদৰ ভিতৰলৈ গৈছে আৰু এই পথৰ দুৱাৰ খোলা আছিল। উল্লেখ্য যে বিহাৰত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিগত এমাহ ধৰি সকলো ধৰ্মীয়স্থলী বন্ধ হৈ আছে।

বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত কোনো বিশেষ ব্যক্তি বিস্ফোৰণস্থলীত উপস্থিত নাছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জনাইছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু বিস্ফোৰণৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ ফৰেনচিক বিশেষজ্ঞৰ এটা দলক মাতি আনি বৈজ্ঞানিক পৰীক্ষণ আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in