জঘন্য পিতৃ! ৫ পুত্ৰক কুঁৱালৈ দলিয়াই হত্যাৰ সন্দেহ

জঘন্য পিতৃ! ৫ পুত্ৰক কুঁৱালৈ দলিয়াই হত্যাৰ সন্দেহ

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত বুধবাৰে পোহৰলৈ আহিল এক ৰহস্যজনক ঘটনা।এটা কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় ৫টাকৈ শিশুৰ মৃতদেহ। এই শিশু কেইটা এটা পৰিয়ালৰে আছিল।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, মৃত শিশু কেইটাৰ পিতৃৰ নাম ভাটৰ সিং। ভাটৰ সিঙে দুগৰাকীকৈ পত্নী বিয়া কৰাইছিল। এই ঘটনা সংঘটিত হোৱাৰ পাছত দুই পত্নীসহ ভাটৰ সিং সন্ধানহীন হৈ আছে।

আৰক্ষীয়ে ভাটৰ সিঙৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো সন্ধান পোৱা নাই। সন্দেহ কৰা হৈছে পিতৃয়ে এই শিশু কেইটাক কুঁৱাটোত পেলাই দি হত্যা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in