কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী…

কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী…

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ সাগৰস্থিত বেণ্ডেলখণ্ড মেডিকেল কলেজলৈ এজন কোৰোনাত আক্ৰান্ত ৰোগীক নিয়া সময়ত ১০৮ এম্বুলেন্সৰ এগৰাকী কৰ্মচাৰী হঠাৎ পথৰ ওপৰতে ঢলি পৰে। মধ্যপ্ৰদেশত তাপমাত্ৰা বৃদ্ধি পোৱাৰ ফলতেই লোকজন হঠাৎ অচেতন হৈ ঢলি পৰা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে।

উল্লেখ্য যে, এম্বুলেন্সৰ কৰ্মচাৰীগৰাকী পথৰ ওপৰতে কিছু সময়লৈ পৰি থকাৰ পাছতো চিকিৎসক অথবা কোনো চিকিৎসা কৰ্মীয়ে তেওঁক সহায় নকৰে। প্ৰায় ২৫ মিনিট সময় কৰ্মচাৰীজন পথৰ ওপৰতেই বাগৰি পৰি থাকে। আৰু অৱশেষত লোকজনক এম্বুলেন্সযোগে জিলা হাস্পতাললৈ লৈ যোৱা হয়।

সাগৰ এলেকাৰ মতিনগৰ থানাৰ অন্তৰ্গত বেণ্ডেলখণ্ড মেডিকেল কলেজৰ পাষৰ পেৰামেডিকেল ষ্টাফ হীৰালাল প্ৰজাপতি নামৰ লোকজন বুধবাৰে দিনৰ প্ৰায় ২ বজাত হঠাৎ অচেতন হৈ পথতেই বাগৰি পৰে। আৰু অভিযোগ উঠিছে যে, এম্বুলেন্সখনৰ চালকে বেণ্ডেলখণ্ড মেডিকেল কলেজৰ ষ্টাফ আৰু চিকিৎসকসকলক অচেতন হীৰালালক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে অনুৰোধ জনাই যদিও কোনোৱে তেওঁৰ সহায় নকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in