নতুন শিক্ষা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী…

নতুন শিক্ষা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী…

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ৰাজধানী ভুপালত নতুন শিক্ষা নীতিৰ বিৰুদ্ধে নেশ্যনেল ষ্টুডেন্ট ইউনিয়ন অৱ ইণ্ডিয়া চমুকৈ এনএছইউআইৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পথত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সময়চোৱাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰতিবাদত অংশ ল'বলৈ অহা এইসকল হাজাৰ হাজাৰ প্ৰতিবাদকাৰীসকলে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহাৰ বাসগৃহ ঘেৰাও কৰাৰ উদ্দেশ্যে পথত আগবাঢ়ি যায়।

এনএছইউআইয়ে জনাই যে ৰাজ্যখনৰ ৫২খন জিলাৰ ছা্ত্ৰ-ছাত্ৰীসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। লগতে আছে এনএছইউআইৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীৰজ কুন্দন, পিচিচি মুৰব্বী কমলনাথ , প্ৰাক্তন মন্ত্ৰী পিচি শৰ্মা, লখন ঘনঘোৰিয়া, বিধায়ক কৃণাল চৌধুৰী, বিপীন বানখেড়ে আৰু দলটোৰ যুৱ নেতা বিবেক ত্ৰিপাঠীও।

দিনৰ প্ৰায় ১ বজাত ভুপালৰ লিংক ৰোড-১স্থিত কংগ্ৰেছ কাৰ্যালয়ত সকলো প্ৰতিবাদকাৰী তথা ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হয়। আৰু তাৰ পৰা ৫ কিলোমিটাৰ দূৰৈৰ শ্যামলা হিলছস্থিত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ দিশে প্ৰতিবাদী ৰেলী বাহিৰ কৰে। কিন্তু কাৰ্যালয়টোৰ বাহিৰত আৰক্ষী উপস্থিত হয় তেওঁলোকৰ এই ৰেলীত বাধা প্ৰদান কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in