বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ সন্ধানহীন! চিন্তাত ভুপালৰ জনতা…

বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ সন্ধানহীন! চিন্তাত ভুপালৰ জনতা…

ডিজিটেল ডেস্কঃ বিজেপি সাংসদৰ প্ৰজ্ঞা ঠাকুৰ সন্ধানহীন! মধ্যপ্ৰদেশৰ ভুপাল চহৰৰ চুকে-কোণে প্ৰজ্ঞা ঠাকুৰৰ সন্ধান বিচাৰি লগোৱা হৈছে অসংখ্য পোষ্টাৰ। এই পোষ্টাৰ কোনে লগাইছে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। পোষ্টাৰত লিখা হৈছে, সন্ধানহীন ব্যক্তিৰ সন্ধান লাগে, ভুপালৰ জনতা আছে চিন্তাত কিয়নো সাংসদ প্ৰজ্ঞা ঠাকুৰ সন্ধানহীন।

পোষ্টাৰত কোৱাৰ দৰে সচাঁকৈয়ে সাংসদ প্ৰজ্ঞা ঠাকুৰ সন্ধানহীন নহয়। বিগত দিনসমূহত ভুুপালত সাংসদগৰাকীক দেখা নাপাই একাংশ অজ্ঞাত লোকে এনেদৰে কৰিছে পোষ্টাৰিং। বিজেপি দলৰ কৰ্মকতা সকলৰ অভিযোগ যে, এই কাম বিৰোধী দলৰ কোনো সদস্যই কৰিছে। উল্লেখ্য যে, বিগত দিনকেইটাত মধ্য প্ৰদেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। বৰ্তমান ৰাজ্যখনত ৭৪৯৩গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in