শেহতীয়া খবৰ
হাজো-নলবাৰী পথৰ এলেংগীদলত পথ দুৰ্ঘটনা,নিহত ১  •  পশ্চিম গোৱালপাৰাত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ...  •  মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন...  •  ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ...  •  চীনত কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি...  •  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান...  •  নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ... VIDEO  •  পথৰ দুৰৱস্থা! ১২ কিলোমিটাৰ চাঙিত কঢ়িয়াই নিব লগা হৈছে ৰোগীক... VIDEO  •  বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ'বইঃ হাগ্ৰামা...  •  ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু...

বলাৎকাৰ-হত্যাকাণ্ডৰ অভিযুক্তক আদালতৰ চৌহদতে প্ৰহাৰ অধিবক্তাৰ… VIDEO

7,440

ডিজিটেল ডেস্কঃ ইণ্ডোৰৰ সমীপৰ মহু এলেকাত কেইদিনমাৰ পূৰ্বে সংঘটিত এটি ৫ বছৰীয়া শিশুৰ বলাৎকাৰকাণ্ডৰ মুল অভিযুক্তক শনিবাৰে ন্যায়ালয়ত হাজিৰ কৰা হয়।কিন্তু ন্যায়ালয়ৰ চৌহদত ক্ষোভিত একাংশ অধিবক্তাই প্ৰহাৰ কৰে অভিযুক্তজনক। এই ঘটনাৰ পাছতেই উপস্থিত আৰক্ষীৰ লোকে অভিযুক্তজনক সেই স্থানৰ পৰা উদ্ধাৰ কৰি লৈ যায়।

উল্লেখ্য যে, পদপথতে নিশা কটোৱা এহাল দম্পতীৰ এই কন্যা শিশুটিক বলাৎকাৰৰ পাছত হত্যা কৰা হৈছিল। আৰু এই ঘটনাৰ পাছতেই মহুসহ কাষৰীয়া অঞ্চলসমূহৰ ৰাইজ ক্ষোভত জ্বলি উঠে। আৰক্ষীৰ মতে, দেওবাৰে অৰ্থাৎ ১ ডিচেম্বৰৰ নিশা মহুৰ এটা মন্দিৰৰ কাষৰ পদপথত পিতৃ-মাতৃৰ সৈতে শুই আছিল শিশুটি। তাৰপাছত শিশুটিক সেই স্থানৰ পৰা অপহৰণ কৰি খণ্ডহৰলৈ লৈ যায় আৰু বলাৎকাৰৰ পাছত হত্যা কৰিছিল। তাৰপাছত সোমবাৰে পুৱা আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

তাৰপাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু চিচি টিভি ফুটেজৰ জৰিয়তে অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। এই নৃশংস ঘটনাৰ পাছত আৰক্ষীয়ে অভিযুক্তৰ ন্যায়িক জিম্মা শেষ হোৱাৰ পাছত আদালতত হাজিৰ কৰে। কিন্তু ক্ষোভিত একাংশ অধিবক্তাই অভিযুক্তজনৰ ওপৰত প্ৰহাৰ কৰে। আৰক্ষীয়ে অৱশেষত অভিযুক্তজনক উদ্ধাৰ কৰি লৈ যায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি