মধ্যপ্ৰদেশত লাইনচ্যুত ৰাজধানী এক্সপ্ৰেছ

মধ্যপ্ৰদেশত লাইনচ্যুত ৰাজধানী এক্সপ্ৰেছ
  • বৃহস্পতিবাৰে পুৱা দিল্লী অভিমুখী হজৰত-নিজামুদ্দিন-ত্ৰিবন্দ্ৰম ৰাজধানী এক্সপ্ৰেছৰ খুন্দা ট্ৰাকত।
  • মধ্যপ্ৰদেশৰ থাণ্ডলাত সংঘটিত হৈছে এই ঘটনা।
  • পুৱা প্ৰায় ৬.৪৪ বজাত সংঘটিত হৈছে এই ঘটনা।
  • ঘটনাত লাইনচ্যুত হয় ৰাজধানী এক্সপ্ৰেছৰ দুটা ডবা।
  • অৱশ্যে হতাহত হোৱা নাই কোনো যাত্ৰী।
  • ইফালে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ট্ৰাকখনৰ চালকজনে।
  • দুৰ্ঘটনাত ভাগি যায় ট্ৰাকখনৰ বহু অংশ।
  • ঘটনাৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত ডবা দুটাৰ পৰা যাত্ৰীসকলক আন ডবালৈ লৈ যোৱা হয়।
  • তাৰ পাছতে পুনৰ যাত্ৰা আৰম্ভ কৰে ৰেলখনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in