লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মাধুৰী দীক্ষিতে! কোন দলৰ হ’ব প্ৰাৰ্থী?

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মাধুৰী দীক্ষিতে! কোন দলৰ হ’ব প্ৰাৰ্থী?

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিত যোগ দিব পাৰে মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতে।  বিজেপি দলৰ এক সূত্ৰ অনুসৰি, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে পুনেৰ পৰা অভিনেত্ৰীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা হৈছে। বিজেপি সভাপতি অমিত শ্বাহে চলিত বৰ্ষৰ জুন মাহত অভিনেত্ৰীগৰাকীৰ সৈতে মিলিত হৈছিল। মাধুৰী দীক্ষিতৰে 'সম্পৰ্ক ফ'ৰ সমৰ্থন' অভিযানৰ অধীনত মিলিত হৈছিল শ্বাহ। বিজেপি সভাপতিগৰাকীয়ে মাধুৰী দীক্ষিতক দলটোৱে দেশৰ বাবে কৰা কাম-কাজ সমূহৰ বিষয়েও অৱগত কৰাইছিল। ৰাজ্যখনৰে এজন জ্যেষ্ঠ বিজেপি নেতাই কৈছিল যে- 'মাধুৰী দীক্ষিতক লোকসভাৰ বাবে পুনেৰ পৰা নিৰ্বাচন কৰা হৈছে।'

লগতে নেতাগৰাকী কয়- 'বিজেপিত বৰ্তমান বহু কেইটা লোকসভা ছীটৰ বাবে প্ৰতিদ্বন্দ্বীৰ নামৰ বিচাৰ চলি আছে। পুনে লোকসভা নিৰ্বাচনৰ বাবে মাধুৰী দীক্ষিতক বাচনি কৰা হৈছে। সেয়েহে এই সন্দৰ্ভত গম্ভীৰ বিচাৰ চলি আছে।' উল্লেখ্য যে, ২০১৪ত বিজেপিয়ে পুনে লোকসভাত আসন দখল কৰিছিল আৰু বৃহৎ ভোটৰ ব্যৱধানত কংগ্ৰেছক হৰুৱাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in