কোৰোনাৰ হটস্পট হৈ পৰিছে মধুপুৰ চাহ বাগান…

কোৰোনাৰ হটস্পট হৈ পৰিছে মধুপুৰ চাহ বাগান…

ডিজিটেল সংবাদ,ঢকুৱাখনা : জনসজাগতা আৰু সচেতনতাক পদপিষ্ট কৰি মাৰাত্মক কোৰোনাক বৰপীৰা পাৰি আদৰিছে ঢকুৱাখনা মহকুমাৰ মধুপুৰ চাহ বাগিছাই। ঢকুৱাখনা মহকুমাৰ সীমাত অৱস্থিত এই চাহ বাগিচাখনত শ্রমিক আৰু কৰ্মচাৰীৰ ভয়াবহ কোভিডৰ সংক্ৰমণ ৰোধৰ সাৱধানতামূলক আৰু ৰাজ্য চৰকাৰৰ কোভিড নিৰ্দেশনাৰ প্ৰতি চৰম উদাসীন মনোভাৱৰ বাবে ক্ৰমাৎ এই ৰোগ সংক্ৰমণৰ "হটস্পত" লৈ পতিত হৈছে বাগিছাখন।

বিগত সময়ত বাগিছাখনৰ এম্বুলেন্স চালক সহ ৮গৰাকীকৈ শ্ৰমিক আৰু উক্ত এলেকাৰ এগৰাকী আশা কৰ্মী কোভিডত আক্ৰান্ত হোৱাৰ পৰৱৰ্তী সময়ত মহকুমা প্ৰশাসনে কেছেৰুগুৰি বস্তি মিনি "কনতেইণ্টমেণ্ট জোন" ঘোষণা কৰিছিল। বাগিছাখনৰ শ্ৰমিক সকলে সমীপৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যক্তিগত বাগানতো কাম কৰাৰ পৰিপ্ৰেক্ষিতত এই ৰোগৰ গণ সংক্ৰমণ হোৱাৰ ব্যাপক আশংকা কৰাৰ পাছতো গা নলৰা কৰ্তৃপক্ষৰ উদাসীন ভূমিকাৰ বাবে দেওবাৰে পুনৰ বাগানখনৰ মুঠ ১১গৰাকী ব্যক্তিৰ দেহত এই সংক্ৰমণ ধৰা পৰিছে।

ঢকুৱাখনা স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰি কৰা মতে শনিবাৰে বাগানখনত সম্পন্ন কৰা "ৰেপিড এন্টিজেন টেষ্ট"ৰ কালত সংগৃহীত নমুনাৰ ফলাফল দেওবাৰৰ পুৱা পৰ্যন্ত মুঠ ১১গৰাকীৰ পজিটিভ আহিছে। ইয়াকে লৈ বাগিছাখনত মুঠ সংক্ৰমিতৰ সংখ্যা ১৯ হলগৈ। অসচেতনতা আৰু কোভিড সংক্ৰমণ প্রতিৰোধী পৰ্যাপ্ত কার্যব্যৱস্থা গ্ৰহণত বাগিছা কৰ্তৃপক্ষই প্ৰদৰ্শন কৰা অহেতুক হেমাহীৰ বাবেই বাগিছাখনত সংক্ৰমিতৰ সংখ্যা দিনক দিনে উদ্বেগজনক ভাবে বৃদ্ধি পাই অহা বুলি সমীপৱৰ্তী ৰাইজে মত ব্যক্ত কৰিছে।

বস্তি এলেকাত মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্বকে ধৰি সকলো চৰকাৰী নীতি নিৰ্দেশনা পদপিষ্ট হোৱাৰ বাবে অচিৰেই বাগিছাখনত মাৰাত্মক কোভিডৰ ব্যাপক গণ সংক্ৰমণৰ আশংকা কৰা হৈছে।ইতিমধ্যে সমীপৰ গ্ৰামাঞ্চললৈ এই সংক্ৰমন প্ৰসাৰ হোৱাৰ খবৰ আহিছে। যাক লৈ ঢকুৱাখনা স্বাস্থ্য বিভাগো চিন্তিত । এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ কঠোৰ পদক্ষেপ সমীপৱৰ্তী ৰাইজে জনস্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত কামনা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in