কোৰোনাৰ বধ্যভূমি মধুপুৰ চাহ বাগিচাত ৫১ গৰাকী আক্ৰান্ত কোভিডত…

কোৰোনাৰ বধ্যভূমি মধুপুৰ চাহ বাগিচাত ৫১ গৰাকী আক্ৰান্ত কোভিডত…

ডিজিটেল সংবাদ, ঢকুৱাখনা: মাৰাত্মক কোৰোনাৰ ভয়াবহ সংক্ৰমণৰ বধ্যভূমীলৈ পতিত হৈছে মধুপুৰ চাহ বাগিচা। ঢকুৱাখনা মহকুমাটোৰ ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বিভিন্ন স্থানত কোভিড সংক্ৰমণ পৰীক্ষা প্ৰক্ৰিয়া অব্যাহত ৰখা সময়তে মঙলবাৰে অমংগল নামি আহিল মহকুমাটোৰ একমাত্ৰ চাহ বাগিচা মধুপুৰ বাগানলৈ। বাগিছা কৰ্তৃপক্ষৰ উদাসীন ভূমিকাৰ বাবে ব্যাপক সংক্ৰমনে গা কৰি উঠা বাগিছাখনৰ ফেক্টৰী গেট চাইকেল ষ্টেণ্ড, ৰংগমঞ্চকে ধৰি মুঠ ৪টা স্থানত মঙলবাৰে কৰা ৰেপিড এন্টিজেন টেষ্টৰ সময়ত মুঠ ৫১ গৰাকী বাগিছা কৰ্মী আৰু শ্ৰমিকৰ দেহত কোৰোনাৰ সংক্ৰমন ধৰা পৰে ।

পূৰ্বেও বাগিছাখনৰ এম্বুলেন্স চালক, আশা কৰ্মী আৰু কেছেৰুগুৰি বস্তিৰ বহু সংখ্যক শ্ৰমিকৰ দেহত কোৰোনাৰ সংক্ৰমন ধৰা পৰিছিল। পৰৱৰ্তী সময়ত কেছেৰুগুৰি বস্তি মহকুমা প্ৰশাসনে "ক্ষুদ্ৰ আবদ্ধ এলেকা" ঘোষণা কৰি সমগ্ৰ এলেকা ছীল কৰি যাতায়ত বন্ধ কৰি দিছিল। পুনৰ মঙলবাৰে ৫১ গৰাকীৰ দেহত এই মাৰাত্মক সংক্ৰমণ ধৰা পৰাৰ পাছত ঢকুৱাখনা মহকুমা প্ৰশাসন , ঢকুৱাখনা স্বাস্থ্য বিভাগ চিন্তিত হৈ বাগিছাখনৰ পৰাই অনাগত সময়ত সমীপৱৰ্তী অঞ্চললৈ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰে ।

ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ,ৰাজহ চক্ৰ বিষয়া অপূৰ্ব কুমাৰ নাথ , খণ্ড আঁচনি প্ৰৱন্ধক সত্যম কুমাৰ চাহো , ঘিলামৰা থানাৰ অচি ভবেন দিহিঙীয়া বাগিছা খনত উপস্থিত হৈ ভয়াবহ কোৰোনা আক্ৰান্তৰ ভয়াবহ বোজা বহন কৰি জটিল পৰিস্থিতিৰ উদ্ভৱ কৰি অহাৰ লগতে মহকুমাটোৰ ভিতৰতে সৰ্বাধিক কোৰোনা আক্ৰান্তৰ বসতি ভূমি হৈ পৰা বাগিছাখনকলৈ চিন্তিত হৈ পৰে।

সেই অনুক্ৰমে মঙলবাৰে কোৰোনাৰ পজিটিভ ওলোৱা মুঠ ১৮ গৰাকী আক্ৰান্ত পুৰুষ ব্যক্তিক ওচৰৰে মধুপুৰ প্ৰাথমিক বিদ্যালয়ত "কোভিড কেয়াৰ চেণ্টাৰ" স্থাপন কৰি পৃথকে ৰখাৰ লগতে আক্ৰান্ত মহিলা সকলক নিজা গৃহত পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱা পৰ্যন্ত আবদ্ধ হৈ থকাৰ নিৰ্দেশ দিছে প্ৰশাসনে। বাগিছা কৰ্তৃপক্ষৰ গুৰুত্বহীন ভূমিকাৰ বাবেই কোৰোনা আক্ৰান্তই সীমা অতিক্ৰম কৰাৰ পাছতো বাগিছাখনত প্ৰশাসনে সামগ্ৰিক ভাৱে "আবদ্ধ এলেকা" ঘোষিত নকৰাত সমীপৱৰ্তী গ্ৰামাঞ্চলিয় ৰাইজ সন্ত্ৰস্ত হৈ পৰিছে।

সমীপৱৰ্তী ৰাইজে অভিযোগ কৰা মতে একাংশ শ্ৰমিকে বাগিছাখনৰ ভিতৰুৱা পথেৰে অহৰহ হাৰত কাষৰ ক্ষুদ্ৰ বাগিচাৰ পাত তোলা কামত জড়িত হৈ সংগোপনে ভয়াবহ সংক্ৰমণত অৰিহণা যোগাই আহিছে। এনে প্ৰেক্ষাপটত অনাগত সময়ত মাৰাত্মক কোৰোনাৰ গণ সংক্ৰমনে সংহাৰী ৰূপ লোৱাৰ আশংকা কৰা হৈছে। অথচ মহকুমা আৰু জিলা প্ৰশাসনে বাগিছাখন আবদ্ধ ঘোষণা কৰাত তিলমানো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in