মধুপুৰত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

মধুপুৰত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

ডিজিটেল সংবাদ, টিহুঃ নলবাৰী জিলাৰ মধুপুৰত শুকুৰবাৰে নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু মধুপুৰৰ কাঞ্চনজংঘা যুৱ সংঘৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়৷ এই দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি জিয়া ভাষণত জনপ্ৰিয় ঔপন্যাসিক নীলিম আকাশ কাশ্যপে জন্মসূত্ৰে লব্ধ মাতৃভাষা আমাৰ ৰাজহাড়সম বুলি উল্লেখ কৰে।

মাতৃভাষাক সবল কৰি নাৰাখিলে কোনো জাতিয়ে মূৰ দাঙি থাকিব নোৱাৰে বুলিও ভাষণ প্ৰসংগত যুৱ ঔপন্যাসিকগৰাকীয়ে কয়৷ ৬২৫ নম্বৰ খাৰশিঠা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত মাতৃভাষা দিৱসত আবুল হুছেইন, আকবৰ আলী, ৰিতুল দাস প্ৰভৃতি কেবাগৰাকীও শিক্ষাপ্ৰাণ লোক উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in