নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত, উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাক উষ্ম আদৰণি…

নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত, উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাক উষ্ম আদৰণি…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ অৱশেষত এক ঐতিহাসিক ক্ষণত বহু আকাংক্ষিত ভাল খবৰটোৰ লগত বিলীন হৈ পৰিল নাৰায়ণপুৰ তথা উত্তৰপৰীয়াবাসী শিক্ষানুৰাগী ৰাইজ । ১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ পিছত সোমবাৰে আনুষ্ঠানিকভাবে যোগদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক নৱ নিযুক্ত উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাই।

সোমবাৰে দুপৰীয়া উপাচাৰ্যগৰাকী গুৱাহাটীৰ পৰা হেলিকপ্টাৰ যোগে লখিমপুৰস্থিত লীলাবাৰী বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰতে উপাচাৰ্য গৰাকীক মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়। বিয়লি ২ বজাত বিশ্ববিদ্যালয় চৌহদত উপস্থিত হয় উপাচাৰ্য গৰাকী।

বিশ্ববিদ্যালয়ৰ মুল তোৰণৰ পৰা গায়ণ-বায়ণ আৰু এন চি চি দলে উপাচাৰ্য গৰাকীক আদৰি আনে । ইয়াৰ পিছতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এখন বিশেষ সভাত উপাচাৰ্য গৰাকীয়ে অংশগ্ৰহণ কৰে আৰু নৱনিযুক্ত উপাচাৰ্য হিচাপে আনুষ্ঠানিক ভাৱে যোগদান কৰে । উক্ত সভাত বিশ্ববিদ্যালয় পৰিয়াল,উত্তৰপৰীয়া মহাবিদ্যালয় সমুহ, স্থানীয় বিভিন্ন দল-সংগঠন,ব্যক্তিয়ে নৱনিযুক্ত উপাচাৰ্য গৰাকীক উষ্ম আদৰণি জনায়।

প্ৰাক্তন অধ্যক্ষ তথা ভাৰপ্ৰাপ্ত পঞ্জিয়ক ড০ শৰৎ হাজৰিকাই সভাত স্থানীয় বিধায়কাই আতধৰা সভাখনত স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা, প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰা,পৰিচালনা সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ সভাপণ্ডিত প্ৰমুখ্যে শুভেচ্ছামুলক বক্তব্য প্ৰদান কৰে । সভাত উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাৰ সহধৰ্মিনী কৃষ্ণাসেন ডেকা আৰু পুত্ৰ অংকুৰ ডেকায়ো অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in