শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

ভোগপুৰত মাধৱদেৱ অৰ্গেনিক এগ্ৰ’ প্ৰডিউচাৰ কোম্পানীৰ কাৰ্যালয় মুকলি…

ডিজিটেল সংবাদ নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নামনি অঞ্চলৰ ভোগপুৰ চাৰিআলিত সোমবাৰে বে-চৰকাৰী সংস্থা মাধৱদেৱ অৰ্গেনিক এগ্ৰ’প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ এটি কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সংস্থাটোৰ অধ্যক্ষ তগৰ চন্দ্ৰ নেওগে । পথালিপাহাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী জয়মতী ৰাজখোৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানটিত নাৰায়ণপুৰস্থিত উত্তৰ লখিমপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ কৃষি উন্নয়ন বিষয়া অঞ্জন লায়িঙে ফিটা কাটি কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰে।

মাধৱদেৱ অৰ্গেনিক এগ্ৰ’ প্ৰডিউচাৰ কোম্পানীৰ শাখা প্ৰৱন্ধক বেদব্ৰত খাৰঘৰীয়াই আঁতধৰা অনুষ্ঠানটিত গ্ৰামসেৱক ভাস্কৰ হাজৰিকা,কবিত দত্ত প্ৰমুখ্যে কেইবাগৰাকীও কৃষি বিভাগৰ বিষয়া উপস্থিত থাকে।অঞ্চলটোৰ যথেষ্ট সংখ্যক কৃষক উপস্থিত থকা কাৰ্যালয় মুকলি অনুষ্ঠানটিত কৃষক সকললৈ চৰকাৰে আগবঢ়োৱা সুবিধা সমূহৰ বিষয়ে কৃষি বিভাগৰ বিষয়া সকলে আলোকপাত কৰে।