মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শণ কৰি ঠিকাদাৰক সকীয়নি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…

মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শণ কৰি ঠিকাদাৰক সকীয়নি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: নাৰায়ণপুৰত নিৰ্মীয়মান অৱস্থাত থকা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শণ কৰে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই। প্ৰতিকূল বতৰকো নেওচি মঙলবাৰে বিয়লি কলাক্ষেত্ৰৰ কাম-কাজৰ বুজ লৈ নিৰ্মাণৰত ঠিকাদাৰ গৰাকীক সতৰ্কবাণী শুনাই বিধায়ক গৰাকীয়ে । নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱা বুলি দাবী কৰি বিধায়ক গৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব বুলি ঠিকাদাৰ গৰাকীক সকীয়াই দিয়ে ।

উল্লেখ্য যে, নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দান সূত্ৰে আগবঢ়োৱা ৪৪ বিঘা ভূমিত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০০৭ চনত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল যদিও বিশেষ অগ্ৰগতি লাভ নকৰিলে। শেহতীয়াকৈ বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালত প্ৰায় ৩৪ কোটি টকা মুকলি কৰি দিছিল আৰু সেই সময়ৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় বাৰৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ।

বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে ড০ অমীয় কুমাৰ ভূঞা । চৰকাৰ গঠনৰ পিছতে সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে গৈ কোভিড সজাগতা কৰাৰ সমান্তৰালকৈ সমস্যা সমুহৰ পৰ্যালোচনা কৰে বিধায়ক গৰাকীয়ে। তাৰেই অংশ হিচাপে প্ৰতিকুল বতৰকো নেওচি মঙলবাৰৰ বিয়লি মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শণ কৰে নৱনিৰ্বাচিত বিধায়ক গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in