শেহতীয়া খবৰ
ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী  •  মহাৰাষ্ট্ৰত শিৱসেনাৰ মুখ্যমন্ত্ৰী!  •  আচৰিত পত্নী! স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি সেই স্থানত নিৰ্মাণ কৰিলে পাকঘৰ...  •  মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান  •  দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি...  •  হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী...  •  লক্ষীপুৰত কৃষিজাত সামগ্ৰীৰ বিপণনৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ  •  ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল অনন্তনাগ, ৰাজপথত পৰি থকা শক্তিশালী বিস্ফোৰক নিষ্ক্ৰিয়  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...

মাধৱদেৱ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণ, উৎফুল্লিত নাৰায়ণপুৰবাসী

810


ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ অপেক্ষাৰ অন্ত পৰিল। অৱশেষত বহু আকাংক্ষিত ভাল খবৰটো আহিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰবাসীৰ মাজলৈ। ১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয় উন্নীতকৰণ হৈছে মাধৱদেৱ বিশ্ববিদ্যালয়লৈ।

ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক, বিশিষ্ট বিজ্ঞানী ডঃ দিবাকৰ চন্দ্ৰ ডেকাক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অতি সোনকালেই তেওঁ আহি বিশ্ববিদ্যালয় খনত যোগদান কৰিব বুলি আশা প্ৰকাশ কৰিছে মাধৱদেৱ মহাবিদ্যালয় কৰ্তৃপক্ষই।


সকলোৰে হেপাঁহৰ আপোন মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাক লৈ মহাবিদ্যালয়খনৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসী শিক্ষানুৰাগী ৰাইজ উৎফুল্লিত হৈ পৰিছে। আদৰণি জনাইছে বিভিন্ন দল-সংগঠনেও। কিয়নো উত্তৰ অসমত একমাত্ৰ এই খনেই হ’ব উচ্চ শিক্ষাৰ প্ৰথমখন অনুষ্ঠান।

উল্লেখ্য যে, সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাখনে অসমৰ ভিতৰতে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। আৰু এতিয়া এই বিশ্ববিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ লগতে বিশ্বনাথ, ঢকুৱাখনা আৰু মাজুলী জিলাৰ ছাত্ৰ-ছাত্ৰী সকল বিশেষভাবে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে বৃহত্তৰ অঞ্চলটোৰ শিক্ষানুৰাগী সকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি