নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত স্মৃতিচাৰণ সভা…

নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত স্মৃতিচাৰণ সভা…

ডিজিটেল সংবাদ শিমলুগুৰিঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত শুকুৰবাৰে এখনি স্মৃতি চাৰণ সভা অনুষ্ঠিত হয় ৷ বিশ্ববিদ্যালয়খনিৰ পৰিয়ালবৰ্গৰ লগতে সকলোৰে মাজৰ পৰা আঁতৰি যোৱা প্ৰয়াত নিৰু ডেকা শইকীয়া(উপাধ্যক্ষ মাধৱদেৱ মহাবিদ্যালয়) প্ৰয়াত ৰীতা গোস্বামী(অধ্যাপক, শিক্ষাতত্ব বিভাগ, মাধৱদেৱ বিশ্ববিদ্যালয়), প্ৰয়াত গুণাৰাম দত্ত (প্ৰতিষ্ঠাপক অধ্যক্ষ মাধৱদেৱ মহাবিদ্যালয়)ক সুঁৱৰি এই সভা অনুুুষ্ঠিত হয়।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সভাপতি মাখন তামুলী আৰু সম্পাদক ড০ মহেন্দ্ৰ হাজৰিকাই আঁত ধৰা সভাখনিত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য দিবাকৰ চন্দ্ৰ ডেকা, পঞ্জীয়ক শৰৎ হাজৰিকা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাৰ সভাপতি উপেন শইকীয়াই প্ৰয়াত তিনিওগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি সোঁৱৰে৷

এক প্ৰাৰ্থনাৰে আৰম্ভ হোৱা স্মৃতিচাৰণ সভাখনি প্ৰয়াত শিক্ষক-শিক্ষয়িত্ৰী তিনিগৰাকীৰ পৰিয়ালবৰ্গ আৰু বিশ্ববিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰা সভাখনিত উল্লেখিত তিনিগৰাকীক সুঁৱৰি সহযোগী অধ্যাপক পৰশ গোস্বামী, ড০ মামণি বৰুৱা, দুলাল চন্দ্ৰ মহন্তৰ লগতে বহু কেইগৰাকীয়ে পূৰ্বৰ স্মৃতি আলোকপাত কৰে ৷ এক আবেগিক পৰিবেশৰ মাজত প্ৰয়াত তিনিগৰাকী শিক্ষক আৰু শিক্ষয়িত্ৰীৰ পৰিয়ালবৰ্গইও ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনিৰ কাৰ্যক শলাগ লয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in