শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

মদনপুৰ টোলগেট কৰ্তৃপক্ষৰ উদ্যোগত টোলগেটৰ কৰ্মচাৰীৰ কোভিড পৰীক্ষা…

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত টোলগেটৰ পুৰুষ মহিলাকে ধৰি ১৩৯ গৰাকী কৰ্মচাৰীৰ বৃহস্পতিবাৰে কোভিড পৰীক্ষা কৰা হয়। মদনপুৰ টোলগেট কৰ্ত্তৃপক্ষৰ উদ্যোগত দিনৰ প্ৰায় ১১ বজাৰ পৰা অনুষ্ঠিত কৰা উক্ত কোভিড পৰীক্ষা শিবিৰত কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা যোৱা চিকিৎসাকৰ্মীৰ এটা দলে মদনপুৰ হাইস্কূলত উক্ত কোভিড পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। মদনপুৰ টোলগেট কৰ্ত্তৃপক্ষৰ উদ্যোগত গ্ৰহণ কৰা বৃহস্পতিবাৰৰ কোভিড পৰীক্ষাৰ প্ৰতিবেদন মৰ্মে আটাইকেইগৰাকী কৰ্মচাৰী কোভিডমুক্ত বুলি জানিবলৈ দিয়ে।

পঢ়িবলৈ ক্লিক কৰকঃ নলা নিষ্কাষণৰ কামৰ সৈতে জড়িত ৭১ গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ…

বৃহস্পতিবাৰে কোভিড পৰীক্ষা কৰা কৰ্মচাৰী সকলৰ ভিতৰত ১৪ গৰাকী কৰ্মচাৰীয়ে আৰ টি পি চি আৰ (RTPCR) পৰীক্ষাও কৰোৱা বুলি চিকিৎসাকৰ্মীয়ে জানিবলৈ দিয়ে। আনহাতে এই পৰীক্ষাৰ সময়ত টোল গেটৰ ২৮ গৰাকী কৰ্মচাৰী কভিড পৰীক্ষা কৰোৱাৰ পৰা বিৰত থকে। ইয়াৰ ভিতৰত মদনপুৰ গাঁৱৰ ১৪ গৰাকী, ডেউদুৱাৰৰ ২ গৰাকী আৰু আলিপূবৰ লগতে নিকটৱৰ্ত্তী গাঁৱৰ ১২ গৰাকী বুলি টোলগেট কৰ্ত্তৃপক্ষয় জানিবলৈ দিয়ে। টোলগেট কৰ্ত্তৃপক্ষয় উক্ত কৰ্মচাৰীসকলৰ ওপৰত স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব বুলি অৱগত কৰাৰ লগতে কভিড পৰীক্ষাৰ প্ৰতিবেদন জমা নাদিয়ালৈকে টোলগেটত যোগদান কৰিবলৈ দিয়া নহ’ব বুলি অৱগত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি