মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে কি মহা অস্ত্ৰ ভানুৰ হাতত… EXCLUSIVE সাক্ষাৎকাৰ, AUDIO

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে কি মহা অস্ত্ৰ ভানুৰ হাতত… EXCLUSIVE সাক্ষাৎকাৰ, AUDIO

এম জি ভি কে ভানু। এসময়ত ৰাজ্যৰ আটাইতকৈ প্ৰভাৱশালী আই এ এছ বিষয়া আছিল এইগৰাকী। ১৯৮৫চনত ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা এম জি ভি কে ভানুৱে ২০১৮চনৰ ৩১ জুলাইত লেবাৰ এণ্ড ৱেল ফেয়াৰ বিভাগৰ পৰা অতিৰিক্ত মুখ্য সচিবৰূপে অৱসৰ গ্ৰহণ কৰিছিল। ২০১৯চনৰ ১১ ফেব্ৰুৱাৰীত তেওঁ যোগ দিলে কংগ্ৰেছত। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে ৱাই এছ আৰ ৰেড্ডীয়ে কাৰ্যনিৰ্বাহ কৰা সময়ত তেওঁ আছিল অন্ধ্ৰপ্ৰদেশৰ এই মুখ্যমন্ত্ৰীগৰাকীৰ অতিকৈ ঘনিষ্ঠ। ৰেড্ডীৰ সচিব ৰূপে দায়িত্ব নিৰ্বাহ কৰা ভানুক আছিল এসময়ত তৰুণ গগৈৰো অতিকৈ ঘনিষ্ঠ আৰু মধ্যমণি।

২০১১ ৰ পৰা ২০১৩চনলৈ তেওঁ টি বৰ্ডৰো অধ্যক্ষ আছিল। সেই সময়ত চাহ বাগিছাৰ বনোৱাৰ বহু কল্যাণকামী আঁচনি ৰূপায়নৰ চেষ্টা কৰিছিল এইগৰাকী আই এ এছ বিষয়াই। অৱসৰগ্ৰহণ কৰিয়েই তেওঁ কৈছিল- 'মই চাকৰিৰ পৰাহে আজি অৱসৰ লৈছো, ৰাজহুৱা জীৱনৰ পৰা নহয়।' ভাৰতৰ ৮জন প্ৰভাৱশালী আই এ এছ বিষয়াৰ তালিকাত স্থান পাইছিল এইগৰাকী আই এ এছ বিষয়াই। পঞ্চায়ত গ্ৰমোন্নয়ন বিভাগতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ সঞ্চালক আছিল ভানু।

আই এ এছ বিষয়া হিচাবে আছিল তেওঁ আছিল সফল আৰু প্ৰভাৱশালী। দক্ষতাৰে তেওঁ বিভাগৰ দায়িত্ব চম্ভালিছিল। কিন্তু ৰাজনীতিত তেওঁ সেই দক্ষতা দেখুৱাব পাৰিবনে? এদিন গুৱাহাটী উন্নয়ন বিভাগৰ আয়ুক্ত সচিব আছিল তেওঁ। সেই সময়ত বিভাগটোৰ দায়িত্বত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেজপুৰত নিৰ্বাচনী ৰণৰ বাবে সাজু হৈছে এইগৰাকী প্ৰভাৱশালী অৱসৰপ্ৰাপ্ত বিষয়া। শোণিতপুৰৰ উপায়ুক্ত হিচাবে থকা সময়ত তেওঁ তেজপুৰৰ নক্সাই সলনি কৰি দিছিল। অত্যন্ত জনপ্ৰিয় আছিল তেওঁ আই এ এছ বিষয়া ৰূপে।

তেওঁক মানুহে প্ৰশ্ন সুধিবলৈ ভয় কৰে। এনে অভিযোগ উঠিছে- কোটি টকা দি তেওঁ যোগ দিছে কংগ্ৰেছত। এয়া কিমান সঁচা? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁৰ পাশুপাত অস্ত্ৰ কি? অন্ধ্ৰৰ এইগৰাকী আই এ এছ বিষয়াক কি যুক্তিত আদৰি ল'ব ৰাইজে? 'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কে তেওঁক কৰিছিল কেবাটাও প্ৰশ্ন। মৃদুল কুমাৰ সন্দিকৈৰ সৈতে তেজপুৰত লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবীদাৰ এম জি ভি কে ভানুৰ এক বিশেষ সাক্ষাৎকাৰ।

তেজপুৰত লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবীদাৰ এন জি ভি কে ভানুৰ সৈতে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সেই বিশেষ সাক্ষাৎকাৰটো-

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ নমস্কাৰ।

এম জি ভি কে ভানুঃ নমস্কাৰ।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ মই মৃদুল কুমাৰ সন্দিকৈ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ পৰা ক'লো।

এম জি ভি কে ভানুঃ হয়।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ ৰাজ্যৰ এগৰাকী আপুনি দায়িত্বশীল বিষয়া আছিল এসময়ত। অৱসৰ গ্ৰহণ কৰাৰ পাছত আপুনি বেলেগ ধৰণে সমাজসেৱা কৰিব পাৰিলেহেঁতেন। কিন্তু আপুনি ৰাজনীতিৰ ক্ষেত্ৰখন বাচি ল'লে। আগৰে পৰা ইচ্ছা আছিল নেকি ৰানীতিত যোগদান কৰাৰ?

এম জি ভি কে ভানুঃ মই এই বিষয়ে বহুত চিন্তা কৰিছিলো যে মই ৰাজনীতিত যোগ দিম নে এন জি অত যোগ দিম নে বেলেগ ডাঃৰ দৰে প্ৰেকটিছ কৰিম। চিন্তা-চৰ্চা কৰি দেখিলো যে ৰাজনৈতিক দলক যোগ দিলে মই এনেকুৱা পজিশ্যন পাব পাৰো। তেতিয়া মই নাৰীৰ ক্ষেত্ৰত চলা অত্যাচাৰ আদিক বাধা কৰিব পাৰিম, কিন্তু এন জি অ'ত যোগদান কৰিলে বাধা দিব নোৱাৰো। আজিৰ দিনত আপুনি ভাবক- তেজপুৰৰ এয়াৰ পৰ্ট আছে, কিন্তু ফ্লাইট নাই। ফ্লাইট আছে কিন্তু কেতিয়াবা আহে কেতিয়াবা নাহে। তেনেকুৱা ইছ্যু বহুত আছে। যিবোৰ ইছ্যুৰ কাৰণে মই যদি কিবা কৰিব খোজো তেন্তে ৰাজনৈতিক দলত যোগদান দিলে ইয়াৰ বিৰুদ্ধে ভালদৰে যুঁজ দিব পাৰো বুলি ভাবো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি তেজপুৰৰ উপায়ুক্ত আছিলে। তেজপুৰখন সুন্দৰ কৰি গঢ়ি তোলাত আপোনাৰ যথেষ্ট অৰিহণা আছে। বিশেষকৈ চিত্ৰলেখা পাৰ্কখন আপুনি বনাইছিলে। আনকি তেজপুৰত আপুনি যেতিয়া আছিলে, তেতিয়া গছ-লতাকো আপোনাৰ নামেই দিছিলে। ৰাজনীতিলৈ যোৱাৰ পাছত আপোনাৰ পূৰ্বৰ জনপ্ৰিয়তা, মানুহে যে আপোনাক ইমান ভাল পাইছিল, সেই ভালপোৱাখিনি হেৰুওৱা বুলি নাভাবেনে? নে সেই জনপ্ৰিয়তাখিনিক আপুনি কেপিটেলাইজ কৰিব খুজিছে নেকি ৰাজনীতিত?

এম জি ভি কে ভানুঃ আপুনি বহুত ভাল প্ৰশ্ন সুধিছে। মই ৰাজনীতিত যোগদান কৰা পাছত কিছুমান মানুহ যি অন্তৰৰ পৰা আগতে মোক ভাল পাই আছিলে তেওঁলোকে বেলেগ দলত কাম কৰাৰে পৰা মোৰ সৈতে কথা-বতৰা অলপ কমাই দিছে। এতিয়া মই সেই মানুহবিলাকক মই নিজেই ফোন কৰিছো আৰু কৈছো আপুনি দলৰ কাম কৰিছে সেইটো অন্য কথা কিন্তু আমাৰ মাজত ব্যক্তিগত সম্পৰ্ক বেয়া হ'ব নালাগে। আমাৰ মাজত মৰম আৰু সৰ্ম্পকবোৰ একে থাকিব বুলি কোৱাৰ বাবে মোক ইমান ভাল পাইছে যে মই বুজাব নোৱাৰো। আৰু দ্বিতীয় কথা কৈছে আপুনি যে মই এখন পাৰ্ক বনাই থৈছো, ৰাইজে ভাল পাইছে আৰু সেইকাৰণে মই এইবোৰ কেপিটেলাইছ কৰিবৰ বাবে ৰাজনীতিলৈ আহিছো নেকি? আপনি যদি ভালকৈ চায়, এটা পাৰ্ক বনাই দিলেই ৰাজনীতিত কিবা পাব বুলি মই নাভাবো। ৩৫ বছৰৰ পৰা মই যে কাম কৰি আছো, মোৰ নিজৰ ইমেজ এটা আছে…। ৰাজনীতিৰ মঞ্চত আহি উন্নয়ন কৰিম বুলি ভাবি ৰাজনীতিলৈ আহিছো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি এটা কথা ক'লে- তেজুপৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে আপোনাৰ ঘনিষ্ঠতা আছিলে, সাধাৰণ ৰাইজৰ মাজত আপোনাৰ জনপ্ৰিয়তা আছিল। পদ্ম হাজৰিকা বৰ্তমান বিজেপিৰ বিধায়ক, তেওঁৰ সৈতে কেতিয়াবা যোগাযোগ হৈছেনে?

এম জি ভি কে ভানুঃ অ' পদ্ম হাজৰিকাও মোৰ লগত ভাল। তেওঁ ৰাজনীতিত নিজৰ দলৰ সিদ্ধান্ত অনুসৰি চলিব লাগে। মই ৰাজনীতিত মোৰ সিদ্ধান্ত মতে মই চলো। তেওঁ মোক ব্যক্তিগতভাৱে মোক ভাল পাই, ময়ো পাওঁ। তেখেতক মই কৈছো- আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি সিদ্ধান্ত ল'লে মোৰ ভাল লাগিছে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আৰু এটা কথা মই আপোনাক সোধো। এতিয়া এটা কথা বহুত চৰ্চা হৈছে যে- ভানু হ'ল অন্ধ্ৰপ্ৰদেশৰ মানুহ। তেওঁ অসমৰ বাহিৰৰ মানুহ। আপুনি দক্ষিণ ভাৰতৰ যিখন ৰাজ্যৰ পৰা আহিছে, তাত জাতীয়তাবোধ বহু বেছি। এতিয়া আপুনি তেজপুৰত যদি কংগ্ৰেছৰ পৰা প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে অসমৰ মানুহে অন্ধ্ৰপ্ৰদেশৰ এজন মানুহ বুলি আপোনাক  কিছু কিছু ক্ষেত্ৰত অৱজ্ঞা কৰিব নেকি? বা আপোনাক গ্ৰহণ নকৰিব পাৰে নেকি?

এম জি ভি কে ভানুঃ যদি আপুনি বেয়া নাপায় মই কওঁ, আপুনি অসমৰ জাতীয়তাবাদক ভুল বুজিছে। অসমৰ জাতীয়তাবাদৰ মাজত বড়ো আছে, অসমীয়া আছে, চাহ জনগোষ্ঠীৰ মানুহ আদি জাতিৰ মানুহ আছে। সকলো ধৰ্ম, সকলো জাতিৰ মানুহ মিলি অসমৰ জাতীয়তাবাদ গঠন হৈছে। আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা মই নাইডু কমিউনিটীৰ মানুহ। মোৰ কমিউনিটীৰ মানুহ প্ৰতিটো জিলাতে ৬০ হাজাৰ আছে। ২০০ বছৰ আগতে আহিছে। ২০০ বছৰ আগতে অহা নাইডু কমিউনিষ্ট বাহিৰৰ হ'ব পাৰে নেকি? এনেকুৱা নহয় যে মই নাইডু কমিউনিটীৰ মানুহ কেৱল এই কমিউনিটীৰ মানুহৰ বাবেহে কাম কৰিম…

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি যদি টিকট লাভ কৰে কংগ্ৰেছৰ পৰা পাই, তেন্তে আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব হিমন্ত বিশ্ব শৰ্মা। এতিয়া এই মুহূৰ্তত আৰু এটা কথা চৰ্চালৈ আহিছে যে আৰ পি শৰ্মাই টিকট নাপালে বিজেপি ত্যাগ কৰিব। আপুনি তেওঁৰ সৈতে এই সন্দৰ্ভত কিবা কথাবতৰা পাতিছে নেকি?

এম জি ভি কে ভানুঃ (হাঁহি) আপুনি আচৰিত হ'ব মোক বেলেগ এটা দায়িত্ব দিছে বুথ কমিটীবোৰক প্ৰশিক্ষণ দিয়া। মই ৰাতিপুৱা এটা বুথত যাওঁ, প্ৰশিক্ষণ দিওঁ, সকলোৱে একেলগে ভাত খাওঁ। মই দলৰ নিৰ্দেশৰ বাহিৰে বেলেগ একো নকৰো। জুবিনে এটা গান গাইছে, মোৰ বহুত ভাল লাগিছে। পলিটিকছ নকৰিবা বন্ধু। মই ৰাজনীতিত পলিটিকছ কৰিবলৈ অহা নাই। মই ৰাজনীতিত উন্নয়ন কৰিবলৈ আহিছো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আৰু এটা কথা। বহুতে কয় যে- হিমন্ত বিশ্ব শৰ্মা যেতিয়া গুৱাহাটীত উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল, আপুনি তেতিয়া তাৰে আয়ুক্ত সচিব আছিলে। আৰু আপুনি যেতিয়া নিৰ্বাচনত তেওঁৰ সমুখসমৰত নামিব তেতিয়া আপোনাৰ তেওঁৰ সৈতে যে ভাল সম্পৰ্ক সেইটো কেপিটেলাইজ কৰিব পাৰিব। কাৰণ ৰাজনীতিত সেইটো আছে, আপুনি যিমান নক'লেও। যদি আপুনি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত নামে তেন্তে তেওঁৰ বিৰুদ্ধে আপোনাৰ মূল ইছ্যু কি হ'ব?

এম জি ভি কে ভানুঃ হয় হয়, আয়ুক্ত আছিলো। বিজেপি পাৰ্টীয়ে অসমক ধ্বংস কৰিবলৈ গৈ আছে। বিজেপিক ৰাইজে ভোট দিলে অসমখন 'অসম' হৈ নাথাকিব। অসমত হিন্দু, মুছলমান, হিন্দু বঙালীৰ মাজত সংঘাত সৃষ্টি কৰি আছে, সেইটো ইছ্যু লৈ মই ইলেকশ্যনত যাওঁ আৰু তেখেতে যি কাম কৰিছে, পঞ্চায়ত ইলেকশ্যনত যি কৰিছে তাৰ মই তদন্তৰ দাবী কৰিছো। তদন্ত কৰিলে সকলো ওলাই পৰিব। মই বহু কথাই জানো, কিন্তু সেইবোৰ কয় মই ইমান তলৰ পৰ্যায়ৰ ৰাজনীতি কৰিব নিবিচাৰো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি অসমৰ এগৰাকী দায়িত্বশীল বিষয়া আছিলে। দায়িত্বশীল বিষয়া হিচাপে অসমৰ উন্নয়ন বিচাৰিছিলে। গুৱাহাটীৰ কৃত্ৰিম বানৰ ক্ষেত্ৰতো আপুনি যথেষ্ট কষ্ট কৰিছিলে। তৰুণ গগৈ চৰকাৰৰ সময়তো আপুনি এগৰাকী দায়িত্বশীল আৰু প্ৰভাৱশালী বিষয়া আছিলে। তেনেস্থলত আপুনি কৈছে যে- পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগত কেলেংকাৰী কেনেকৈ সংঘটিত হৈছে। আপুনি লাই ডিটেক্টৰৰ কথা কৈছে। যদি আপুনি ইমানখিনি কথা জানে তেন্তে নজনায় কিয়?

এম জি ভি কে ভানুঃ পাব্লিক পলিচীৰ ওপৰত মই ক'ব পাৰো। কিন্তু পাৰ্ছনেল ইছ্যুক লৈ নামিব বিচৰা নাই।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি তলৰ পৰ্যায়ৰ ৰাজনীতি কেতিয়াও কৰিব বিচৰা নাই, সেইটো কথা ক'ব বিচাৰিছে। আৰু এটা কথা মই জানিব বিচাৰিম- তেজপুৰ সংসদীয় সমষ্টিটোত ৯ টা বিধানসভা সমষ্টি আছে। তাৰে ৮টা বিজেপিৰ দখল, ১ অগপৰ দখলত আছে। এতিয়া আমি যদি চাব যাওঁ, ২০১৬ৰ বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপিকে আকোৱালি লৈছিল। তাৰপাছতো আপুনি সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ বিৰুদ্ধে জয়ী হম বুলি কিমান আশাবাদী?

এম জি ভি কে ভানুঃ মই কিবা ক'লে আপুনি অহংকাৰ বুলি ভাবিব! বিজেপিৰ পৰা যিকোনো এজন প্ৰাৰ্থী দিয়ক, কংগ্ৰেছৰ পৰা যিকোনো প্ৰাৰ্থী দিয়ক, কংগ্ৰেছে কমেও ১ লাখ ভোটত জিকিব। কাৰণ 'নাগৰিকত্ব বিধেয়ক আমি আনিমেই' বুলি যেতিয়ালৈকে বিজেপিয়ে ক'ব, মই গাঁৱৰ ভিতৰে ভিতৰে গৈছো আৰু বুজিছো- বিজেপি কোনো পধ্যে জিকিব নোৱাৰে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ কিন্তু শেহতীয়া পঞ্চায়ত নিৰ্বাচনত তেনে ফলাফল পৰিলক্ষিত নহ'ল। বিজেপিয়ে যথেষ্ট ভাল ফলাফল কৰিছে পঞ্চায়ত নিৰ্বাচনত।

এম জি ভি কে ভানুঃ মই অসমত ঘূৰি যি দেখিছো। পঞ্চায়ত ইলেকশ্যনত ৰাইজে মোক কৈছে ছাৰ আমিটো বিজেপিক ভোট দিয়া নাই। মোক এতিয়া ৰাইজে কৈছে আমি এইবাৰ কংগ্ৰেছকে ভোট দিম…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in