গেৰেজত লুৰীণৰ হেলিকপ্টাৰ…

গেৰেজত লুৰীণৰ হেলিকপ্টাৰ…

ডিজিটেল ডেস্ক : অসম জাতীয় পৰিষদে ব্যৱহাৰ কৰা হেলিকপ্টাৰ খন যান্ত্ৰিক বিজুতিৰ বাবে পৰি আছে ৰৰৈয়া বিমান বন্দৰত । সেয়েহে কথা দিও নিৰ্বাচনী প্ৰচাৰ সভালৈ যাব পৰা নাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ ।

মঙলবাৰে খুমটাইত অসম জাতীয় পৰিষদৰ এখন সভা আছিল । এই সভালৈ অহা কথা আছিল লুৰীণ জ্যোতি গগৈকে ধৰি জাতীয় পৰিষদৰ নেতা । কিন্তু শেষ মুহুৰ্তত সোমবাৰৰ নিশা ২ বজাত সমষ্টিটোৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী পবন শইকীয়াক জনোৱা হ'ল যে হেলিকপ্টাৰ বেয়া হোৱাৰ বাবে যাব নোৱাৰিব লুৰীণ জ্যোতি গগৈ ।

উল্লেখ যোগ্য যে সোমবাৰৰ নিশা ২ বজালৈকে লাগি প্ৰস্তুত কৰা হৈছিল হেলিপেড খন । দিল্লীৰ পৰা নতুন হেলিকপ্টাৰ অহাৰ পিছতহে হেলিকপ্টাৰৰে পুনৰ নিৰ্বাচনী প্ৰচাৰ চলাব লুৰীণ জ্যোতি গগৈয়ে । লাহৰি ঘাটৰ পৰা ডিব্ৰুগড়লৈ গৈ থকাৰ সময়তে কাজিৰঙাৰ আকাশ মাৰ্গত ঘূৰ্ণী বতাহৰ বাবে অসম জাতীয় পৰিষদে ব্যৱহাৰ কা হেলিকপ্তাৰ খন ৰৰৈয়াত জৰুৰী অবতৰন কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in