চেঙাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ…

চেঙাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ…

ডিজিটেল সংবাদ, চেঙা: "বিজেপি বিৰোধী সকলো দলৰ লগত অসম জাতীয় পৰিষদৰ মিত্ৰতা নহয় ।ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক মনোভাবাপন্ন কোনো দলৰ সৈতে আমি মিত্ৰতা নকৰোঁ। কিন্তু আঞ্চলিকতাবাদী ভোট বিভাজন ৰোধ কৰা হ'ব । আঞ্চলিকতাবাদী শক্তি একত্ৰিত কৰাৰ স্বাৰ্থত সকলো কৌশল আৰু নীতি নিৰ্ধাৰণ কৰা হৈছে ।"- দেওবাৰে বৰপেটা জিলাৰ চেঙাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

একেদৰে আগন্তুক বিধান সভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে 'কা' সম্পৰ্কে নতুনকৈ ক'বলৈ আৰু একো নাই । কাৰণ "কা" এতিয়া সকলোৱে বুজি পাইছে । আমাৰ মাটি, আমাৰ সম্পদ আমি পুনৰ ভাগ কৰিব নিবিচাৰোঁ বুলিও স্পষ্ট মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ।

অসমৰ গৰীয়া-মৰীয়া দেশী , জোলহা আদি জনগোষ্ঠীৰ বিষয়ে বিজেপি দলে একো নকৰা বুলি অভিযোগ কৰি লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লেই এই জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিব বুলি উল্লেখ কৰে । উল্লেখ্য যে দেওবাৰে পুৱা জগদীশ ভূঞা, দুলু আহমেদ , প্ৰিন্স ফাইজুল হকৰ সৈতে প্ৰথমতে চেঙা বেছিক চকত উপস্থিত হয় নেতাগৰাকী । তাত তেওঁলোকক সাদৰ সম্ভাষণ জনোৱাৰ পাছতে অনুষ্ঠিত হোৱা এখন সভাত কেইবাজনো যুৱকে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে।

লক্ষণীয়ভাৱে চেঙা মুছলমান গাঁৱৰ নুৰজাহান বেগম নামৰ মহিলা এগৰাকীয়ে অসম জাতীয় পৰিষদলৈ লুৰিণজ্যোতি গগৈৰ হাতত তেওঁৰ এমাহৰ পেঞ্চনৰ ধন প্ৰদান কৰে । সভাৰ পাছতে পোনে পোনে আহি চেঙা ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই। দুয়োগৰাকী নেতাকে চেঙা ঐক্য সন্মিলন, চেঙা আঞ্চলিক ছাত্ৰ সন্থা, বহৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়াই জাপি, শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in