লামডিঙত অব্যাহত চুপাৰি ভৰ্তি ট্ৰাকৰ দৌৰাত্ম… VIDEO

লামডিঙত অব্যাহত চুপাৰি ভৰ্তি ট্ৰাকৰ দৌৰাত্ম… VIDEO

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত অব্যহত আছে চুপাৰিৰ সন্ত্ৰাস৷ এতিয়া নিশা এন্ধাৰত নহয়, দিন দুপৰতেই চলিছে বাৰ্মিছ চুপাৰিৰ বেহা ৷ বৃহৎ অকংত মেনেজ অসম আৰক্ষী ৷ নিমাত লামডিং আৰক্ষী বিষয়া মীনা দত্ত৷ লামডিং ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ হোৱা চুপাৰি ভৰ্তি ট্ৰাক নাকী লগোৱাত ব্যৰ্থ হৈছে লামডিং আৰক্ষী।ফলত নিশাৰ পৰিবৰ্তে সোমবাৰে দিনৰ পোহৰতে এনেদৰে চুপাৰি ভৰ্তি ট্ৰাক আবদ্ধ হৈ থকাৰ পিছতো ধৃতৰাষ্ট্ৰৰ ভূমিকাত লামডিং আৰক্ষী।

লামডিং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে কেইবাখনো ট্ৰাক৷ কাছাৰৰ পৰা নাগপুৰলৈ প্ৰেৰণ কৰা চুপাৰি ভৰ্তি ট্ৰাক লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত যান্ত্ৰিক বিজুটি ঘটাত কেইবাঘণ্টা আবদ্ধ হৈ আছিল ।

উল্লেখযোগ্য যে RJ 14 GJ 3846 , RJ 14 GJ 3845, RJ 14 GJ 3844, RJ 14 GK 4968 আৰু RJ 14 GJ 6022 নম্বৰৰ চুপাৰি ভৰ্তি আবদ্ধ হৈ থকা ট্ৰাককেইখনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত সৃষ্টি হৈছে চাঞ্চল‍্যৰ।

এতিয়া প্ৰশ্ন হয় চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে কিয় নিৰ্বিকাৰ লামডিং আৰক্ষী তথা অসম আৰক্ষী। প্ৰতিটো গাড়ীৰ পৰা লোৱা কমিচনৰ বাবে ছিণ্ডিকেট নিয়ন্ত্ৰণত ব্যৰ্থ নেকি অসম আৰক্ষী। আনফালে, কেমেৰা সন্মূখত অস্বীকাৰ কৰা ট্ৰাক চালকৰ সৈতে গোপন বাৰ্তালাপত স্বীকাৰ কৰে- মিজোৰামৰ পৰা চালান কাটে চুপাৰিৰ ৷

হাফলং আৰক্ষী অধীক্ষক আৰু সাংবাদিকক দেখুৱাইছিল নথিপত্ৰ, লামডিং সোমোৱাৰ লগে লগে লামডিং আৰক্ষীয়েও চালে নথি পত্ৰ কিন্তু এৰি দিলে গাড়ী সমূহ ৷ বৰ্তমান পৰ্যন্ত কোনো আৰক্ষীয়ে আটক কৰিব পৰা নাই চুপাৰি ট্ৰাক সমূহ৷ আনফালে, হোজাই আৰক্ষী অধীক্ষক গৰাকীয়ে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in