লামডিং সাহিত্য সভা, পাঁচখনকৈ গ্ৰন্থ উন্মোচন

লামডিং সাহিত্য সভা, পাঁচখনকৈ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,লামডিং:– লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত আৰু অসমীয়া বিভাগ,লামডিং মহাবিদ্যালয়ৰ উদ্যোগত বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি ২০ জুন তাৰিখে ৰেল'ৱে ইনষ্টিটিউট প্ৰাংগনত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ পুৱা লামডিং শাখা সাহিত্য সভা ভৱনত শাখা সভাপতি সম্পাদককে ধৰি সমূহ কৰ্মকৰ্তাৰ দ্বাৰা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰে ৷

বিয়লি ৩.৩০ বজাৰ পৰা জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত সভাৰ আৰম্ভণিতে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু পুস্পঞ্জলি প্ৰদানেৰে শুভাৰম্ভ কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড° গুণেশ্বৰ শইকীয়াই৷ জিলা সাহিত্য সভাৰ সভাপতি ড° গুণেশ্বৰ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত বিষ্ণু প্ৰসাদ ৰাভাৰ বৰ্ণিল কৰ্মজীৱনী সম্পৰ্কে বিশিষ্ট গল্পকাৰ সিদ্বাৰ্থ শংকৰ বেজবৰুৱা উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

বেজবৰুৱাই ভাষণ প্ৰসংগত কয় ৰাভা বহুধা বিভক্ত এটা ৰুপ৷ তেওঁক আমি চিত্ৰশিল্পী হিচাপে জানো৷ কিন্তু তেওঁ ৰাজনীতিবিদ,বুৰঞ্জীবিদ আৰু এগৰাকী নৃতত্ত্ববিদো আছিল৷ তেওঁ সদায় জনসমাজৰ হকে কাম কৰি গৈছিল৷ এনেদৰে এক তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰি উঠি অহা প্ৰজন্মক ৰাভাৰ ৰচনাৱলী পঢ়াৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ আহব্বান জনায়৷ ইপিনে সভাত 'ঊনৈছ শতিকাৰ শতিকাৰ অসমীয়া ভাষাৰ সংকট আৰু সমসাময়িক বংগভাষী সমাজ' শীৰ্ষক আলোচ্য বিষয়ৰ ওপৰত সু- বক্তা অনুপ বৰঠাকুৰে বক্তব্য আগবঢ়ায়৷

সভাত কেইবাগৰাকী শিক্ষাৰ্থীয়ে বিষ্ণু ৰাভাৰ কবিতা পাঠ কৰে৷ উল্লেখ যোগ্য যে দিৱসটিৰ লগত সংগতি ৰাখি জিলা সাহিত্য সভাৰ অন্তৰ্গত এটি সক্ৰিয় স্বৰ্ণ শাখা যমুনাপৰীয়া শাখা সাহিত্য সভাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন হৈ যায়৷ এই গ্ৰন্থ কেইখন হৈছে কবি মোজাম্মিল আলীৰ 'এখনি নতুন পৃথিৱী' ,আৰু 'নতুন প্ৰভাতৰ ৰবি' উন্মোচন কৰে ক্ৰমে ড° গুণেশ্বৰ শইকীয়া আৰু বিশিষ্ট গল্পকাৰ সিদ্ধাৰ্থ বেজবৰুৱাই৷

লগতে আমিৰুল মুমিনৰ 'জোনাকৰ সন্ধানত' উন্মোচন কৰে কবি কামাখ্যা প্ৰসাদ হাজৰিকাই৷ ইয়াৰ উপৰিও কবি,সাংবাদিক তথা প্ৰবক্তা ছাদিকুজ জামানৰ সম্পাদনাত প্ৰকাশিত সংকলন 'কাব্য যমুনা' উন্মোচন কৰে ৰজত গোশ্বামীয়ে৷ এই সংকলন খনত অসমৰ বিভিন্ন প্ৰান্তৰ নবীন প্ৰবীন কবি সকলৰ কবিতা প্ৰকাশ কৰি পাঠকৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে৷ লগতে সকলোকে কাব্য চৰ্চা কৰাৰ এখন মঞ্চ দিয়া হৈছে বুলি সংকলক গৰাকীয়ে মত প্ৰকাশ কৰি সকলোৱে আকোঁৱালি লব বুলি আশা প্ৰকাশ কৰিছে৷

পদ্মকান্ত বৰাৰ "চাই লও এবাৰ মুখখনি তোমাৰ" গল্পগ্ৰন্থখন উন্মোচন কৰি অনুপ কুমাৰ বৰঠাকুৰে৷ ইয়াৰোপৰি উক্ত অনুষ্ঠানত লামডিঙ শাখা সাহিত্য সভাই বিশিষ্ট কবি তথা সাহিত্যিক প্ৰদীপ চন্দ্ৰ শৰ্মা আৰু নাট্যকাৰ পৰিচালক ৰমেন হাজৰিকাক সম্বন্ধনা জনায় ৷ লামডিঙ সাহিত্য সভাৰ সভাপতি কামাখ্যা প্ৰসাদ হাজৰিকা আৰু সম্পাদক যোগেন কাকতিয়ে লামডিঙ সাহিত্য সভাৰ নতুন কমিটিৰ দায়িত্ব গ্ৰহন কৰে ৷

কলাগুৰুক উদ্দেশ্যি কবিতা আবৃত্তি কৰাৰ লগতে সন্ধিয়া ৬ বজাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত ৰমেন হাজৰিকাৰ পৰিচালনাত আশ্ৰয় নাটকখনো মঞ্চস্থ কৰা হয়৷ এই যাৱতীয় কাৰ্যসূচীত স্থানীয় ৰাইজকে ধৰি হোজাই জিলাৰ লগতে লামডিঙৰ শাখা সাহিত্য সভা আৰু লামডিঙ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সকলো অধ্যাপক অধ্যাপিকা উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in