কেন্দ্ৰীয় চৰকাৰৰ আয়োগ নীতি বিৰুদ্ধে সপ্তাহ জুৰি প্ৰতিবাদ উত্তৰ-পূৱ সীমান্তৰ ৰেলৱেৰ “এমপ্লিয়জ ইউনিয়ন”ৰ…

কেন্দ্ৰীয় চৰকাৰৰ আয়োগ নীতি বিৰুদ্ধে সপ্তাহ জুৰি প্ৰতিবাদ উত্তৰ-পূৱ সীমান্তৰ ৰেলৱেৰ “এমপ্লিয়জ ইউনিয়ন”ৰ…

ডিজিটেল সংবাদ, লামডিংঃ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন ২০ দিনীয়াকৈ সমগ্ৰ দেশত পালন কৰিবলৈ ধুমধামেৰে যি প্ৰস্তুতি চলাইছে তেনে সময়তে এতিয়া ৰেলৱে বিভাগত মোডী চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে ৰেলৱে কৰ্মচাৰী সকল ৷বৰ্তমানৰ চৰকাৰখনে দেশৰ এটি এটি সম্পদ পুঁজিপতিৰ হাতত বিক্ৰী কৰাৰ লগতে এতিয়া চৰকাখনৰ চকু ভাৰতীয় ৰে'লৱেৰ ওপৰত৷ চৰকাৰখনে ৰেলবিভাগক ব্যক্তিগত খণ্ডলৈ নিবলৈ চৰকাৰৰ আয়োগ নীতিয়ে যি ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে লামডিঙত ৰেলৱে ট্ৰেড ইউনিয়ন এমপ্লয়িজ ইউনিয়ন লামডিং শাখাই সাৱস্ত্য কৰিছে প্ৰতিবাদ ৷

লামডিঙ ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যলয়ৰ সন্মুখত আজি ইউনিয়নৰ নেতা তথা সদস্য সকলে মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ কৰে ৷ তেওলোকে কয় যে- মোদী চৰৰাৰে লাহে লাহে ৰেলৱেৰ চিকিৎসালয়, খেলপথাৰ, ৰেলৱে ষ্টেচন ট্ৰেইন পুঁজিপতিৰ হাতত বিক্ৰী কৰি এতিয়া সম্পূৰ্ণ ৰেলৱে বিভাগটোকে ব্যক্তিগতকৰণ কৰি সকলো ৰেলৱে শ্ৰমিকক তথা পৰিয়ালবৰ্গক কোঙা কৰাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিছে ৷

চৰকাৰৰ এনে নীতি সমূহ তথা ৰে'ল বিভাগকক ব্যক্তিগতকৰণ কৰাৰ যি পৰিকল্পনা চলাইছে সেই সমূহ অতি শীঘ্ৰে বন্ধ কৰিব লাগে , যিদৰে মন্ত্ৰী বিধায়কে পাচঁটা বছৰ কাৰ্যকালত থকাৰ পাছতো পেঞ্চন লাভ কৰি আছে ঠিক তেনেদৰে তিশিচ চল্লিছ বছৰ ৰেল বিভাগত কৰ্মৰত হৈ থকা ৰেলৱে শ্ৰমিককে ধৰি সকলো ৰেলৱে কৰ্মচাৰীকে পেঞ্চনৰ ব্যৱস্থাও কৰি যথাগত সন্মানসহ দিবলৈ সকীয়াই দিয়ে ইউনিয়নটোৱে ৷ লগতে কয় ইউনিয়নটোৰ নেতৃবৃন্দই চৰকাৰক সকীয়নী দি কয় যে – এইসমূহ কথা আওকাণ কৰি যদি ৰেলবিভাগটোক ব্যক্তিগতকৰণ কৰিবলৈ যায় তেনেহলে সকলোৱে একত্ৰিত হৈ জংগী আন্দোলন গঢ়ি তুলিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in