থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি…

থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি…

ডিজিটেল সংবাদ, লামডিংঃ কেন্দ্ৰীয় ৰেল বিভাগে পুনৰবাৰ প্ৰতাৰণা কৰিলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীক। কেন্দ্ৰীয় চৰকাৰ তথা এই চৰকাৰৰ অধীনস্থ বিভাগ সমূহে উত্তৰ পূৰ্বাঞ্চলক মাহী আইৰ দৃষ্টিৰে চাই বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। এই অভিযোগ পুনৰবাৰ সঁচা প্ৰমাণিত হ'ল। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ লামডিঙস্থিত মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন স্থানত নিম্ন বৰ্গৰ কিছু পদত বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰি থলুৱা যুৱক-যুৱতীক বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৰেল কৰ্তৃপক্ষ।

উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক বৰপীৰা পাৰি দিবলৈ ৰেল বিভাগে কৰা ষড়যন্ত্ৰকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে লামডিঙত৷ জানিব পৰা মতে ৮৯৯ টা বিভিন্ন পদত  উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, বিহাৰকে আদি ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব বিচাৰিছে ৰেল বিভাগে৷ ইতিমধ্যেই নিশাৰ অন্ধকাৰৰ সুযোগলৈ একাংশ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা বুলিও অভিযোগ উঠিছে। এই ৮৯৯ টা পদ ৰেলবিভাগৰ গ্ৰেড ডি পৰ্যায়ৰ। ইয়াৰ ভিতৰত ৰেলৰ 'ট্ৰেক মেইন্টেনাৰ' আদি বিভিন্ন পদ আছে৷

একাংশ প্ৰাৰ্থীক বিশ দিনৰ পূৰ্বেই অৰ্থ্যাৎ ২৫ ছেপ্টেম্বৰতেই নিযুক্তি পত্ৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ লামডিং মাণ্ডলিক কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰিছিল। কিন্তু অতি সংগোপনে কৰা এই কাৰ্য ২০ দিনৰ পিচতহে পোহৰলৈ আহিছে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে প্ৰতি বছৰে অসমৰ থলুৱা নিবনুৱা যুৱক-যুৱতীৰ বাবে ৰেল বিভাগত পদ সংৰক্ষন কৰিছে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও সেই প্ৰতিশ্ৰুতি যে কেৱল মিথ্যাচাৰহে সেই কথা বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়া কাৰ্যই প্ৰমাণিত কৰিছে৷

অভিযোগ মতে বহিঃৰাজ্যৰ এই যুৱক-যুৱতী সকলক অসমত নিযুক্তি দিয়াৰ পৰবৰ্তী সময়ত পদ সমূহ সেই ৰাজ্যলৈ কৰ্তন কৰি বদলি হৈ যায়। স্বাভাৱিকতে ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকল বঞ্চিত হৈ পৰিছে। তাৎপৰ্যপূৰ্ণ যে থলুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিব বিচৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে বৰ্তমানলৈকে কিন্তু অসমৰ দল-সংগঠন সমূহ নীৰৱে আছে। অসমৰ উন্নয়ণৰ শ্লোগান দি পৰিবৰ্তন আনিব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনেও ৰেলবিভাগ তথা কেন্দ্ৰীয় চৰকাৰৰ থলুৱাক বঞ্চিত কৰা ষড়যন্ত্ৰৰ ওচৰত সেও মনাহে পৰিলক্ষিত হৈছে।

প্ৰশ্ন উঠিছে কেন্দ্ৰীয় চৰকাৰ তথা ভাৰতীয় ৰেলৱেই এনেদৰে বঞ্চিত কৰি যাব নেকি উত্তৰ পূবৰ থলুৱা যুৱক যুৱতীসকলক? সৰ্বানন্দ সোণোৱাল চৰকাৰে এইবিষয়ত কিবা পদক্ষেপ গ্ৰহণ কৰিব পৰিবনে?থলুৱা যুৱক যুৱতীৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেত পদ সমূহ সংৰক্ষিত কৰিব পাৰিব নে? নে এনেদৰেই বাৰে বাৰে বঞ্চিত হ'ব অসম তথা উত্তৰপূৱৰ নিবনুৱা যুৱক-যুৱতীসকল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in