হোজাই ৰে’ল ষ্টেচনত গ্ৰেপ্তাৰ ৭০০ নিচাজাতীয় কেপচুলসহ এজন

হোজাই ৰে’ল ষ্টেচনত গ্ৰেপ্তাৰ ৭০০ নিচাজাতীয় কেপচুলসহ এজন

ডিজিটেল সংবাদ, লামডিংঃ হোজাই ষ্টেচনত বৃহস্পতিবাৰে হোজাই জিআৰপিৰ বিষয়া জয়ন্ত কৰ্মকাৰে তহল দি থকাৰ অৱস্থাত ষ্টেচনৰ প্লেটফৰ্মৰ পৰা এজন দুৰ্বৃত্তক আটক কৰে। আটক কৰা ব্যক্তিজনৰ নাম জাকিৰ হুচেইন বুলি জানিব পৰা গৈছে৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিৱাসী জাকিৰ হুচেইনে বিগত বহু দিন ধৰি চলন্ত ৰে'লত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল৷ জিআৰপিয়ে জাকিৰ হুচেইনৰ পৰা নাইট্ৰ'ছান-১০০টা আৰু ৬০০টা ছেমপেস্ক কেপচুলসহ মুঠ ৭০০টা নিচাজাতীয় কেপচুল জব্দ কৰে। এই নিচাজাতীয় কেপচুল সমূহ জাকিৰে নিজেও সেৱন কৰাৰ লগতে চলন্ত ৰে'লত যাত্ৰীক নিচাজাতীয় দ্ৰব্য খাদ্যৰ লগত মিহলাই খুৱাই লুট পাত কৰি আহিছিল বুলিও জাকিৰে স্কীকাৰোক্তি দিছে৷

উল্লেখ্য যে, এই কেপচুলসমূহ জাকিৰে অপৰাধৰ ৰম্যভুমি ডিমাপুৰৰ পৰা সৰবৰাহ কৰি আহিছিল বিগত বহু দিন ধৰি৷ লামডিং জিআৰপিৰ অন্তৰ্গত কেচ নং ৯/১৯ৰ ধাৰা ৩২৮ আৰু ৩৮০ আপিচিৰ ভিত্তিত জাকিৰক আটক কৰি লামডিঙত জিআৰপি থানাত সোধা পোছা আব্যহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in