Published on:
Updated on:
- লামডিঙত নিশা পুনৰ ভয়ংকৰ অগ্নিকাণ্ড ৷
- লামডিঙৰ এলআইচি কাৰ্যালয়ত সংঘটিত এই অগ্নিকাণ্ড।
- লামডিং মহাবিদ্যালয়ৰ সন্মুখতে থকা ৪ মহলীয়া বিল্ডিঙত অৱস্থিত ভাৰতীয় জীৱন বীমা নিগম লামডিং শাখাৰ কাৰ্যালয়টোত সংঘটিত অগ্নিকাণ্ড ৷
- সন্ধিয়া ৭ বজাত কাৰ্যালয়ৰ সকলো কাম কাৰ্য সামৰি কাৰ্যালয় বন্ধ কৰি কৰ্মচাৰীসকল ঘৰলৈ গুচি যোৱাৰ পাছত নিশাৰ ভিতৰত হঠাতে জুইয়ে আৱৰি ধৰে বিল্ডিঙটোৰ চতুৰ্থ মহলত ৷
- আগ্নিকাণ্ডৰ ফলত কাৰ্যালয়টোৰ সকলো আচবাব জুইত জাহ যোৱাৰ লগতে বহুতো লাগতিয়াল নথি পত্ৰও জুইত জাহ যায়৷
- দিনটোৰ সংগৃহীত নগদ প্ৰায় ৬ লখ ৫০ হাজাৰ টকাও কাৰ্যালয়টোতে আছিল বুলি জনায় কাৰ্যালয়টোৰ এগৰাকী বিষয়াই।
- লামডিঙৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত বিল্ডিঙটোতে থকা পঞ্জাৱ নেচেনেল বেংক আৰু অনান্য কাৰ্যালয়সমূহ অগ্নি সংযোগ হোৱাৰ পৰা ৰক্ষা কৰে৷
- বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটতৰ ফলতে কাৰ্যালয়টোত জুই সূত্ৰপাত হোৱা বুলি সদ্যহতে ধাৰণা কৰা হৈছে।
- অগ্নিনিৰ্বাপক বাহিনীৰ লগতে লামডিং আৰক্ষীও উপস্থিত থাকে ঘটনাস্থলীত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in