লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত পুনৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দখলত…

লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত পুনৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দখলত…

ডিজিটেল সংবাদ, লামডিংঃ শনিবাৰে লামডিং মহাবিদ্যালয়ৰ ২০১৯-২০ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয় ৷ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে নিজৰ জয় যাত্ৰা পুনৰ অব্যাহত ৰাখিছে ৷

নিৰ্বাচনত এন এছ ইউ আইক সূচনীয়ভাৱে পৰাজিত কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷ মহাবিদ্যালয় খনৰ সভাপতি পদত ৰবিন কিশোৰ মহলোত্ৰা, উপ সভাপতি পদত মিন্টু দাস, সম্পাদক পদত ৰাজু চক্ৰৱৰ্তী, সহ সম্পাদক সুভজিত দত্ত, সাংস্কৃতিক আৰু সামজিক পদত কৰিশ্মা অমন, খেল বিভাগত হেম বাহাদুৰ চেত্ৰীকে ধৰি সকলোতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে নিজৰ দপদপনী বজাই ৰাখে ৷

নিৰ্বাচনীৰ ফলাফলৰ পিছতে মহাবিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ চলিত বৰ্ষ লৈ পঞ্চমবাৰলৈ লামডিং মহাবিদ্যালয়ৰ একতা সভা এবিভিপিৰ দখললৈ যায়৷ জয়ৰ পিছতে লামডিঙত এক বিজয় সমদল উলিওৱা হয় আৰু লামডিঙৰ বিধায়ক শিবু মিশ্ৰইও যোগ দিয়ে এই বিজয় সমদলত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in