লামডিঙত দিন দুপৰতে বৃদ্ধ মহিলাক হত্যাৰ অপচেষ্টা

লামডিঙত দিন দুপৰতে বৃদ্ধ মহিলাক হত্যাৰ অপচেষ্টা

ডিজিটেল সংবাদ, লামডিঙঃ লামডিঙত আজি ভয়ংকৰ ঘটনা সংঘটিত হয়৷ পূব লামডিঙৰ অন্তগৰ্ত সমাজবাড়ী অঞ্চলত শনিবাৰে দিন দুপৰতেই ১৮ বছৰীয়া এজন যুৱকে এগৰাকী বৃদ্ধ মহিলাক হত্যাৰ অপচেষ্টা চলোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে লামডিঙত৷ অভিযোগ অনুসৰি অঞ্চলটোৰ নিৱাসী ১৮বছৰীয়া প্ৰসেনজিৎ দে'ৰ মাতৃৰ শনিবাৰে বিয়োগ ঘটে৷ মাতৃৰ মৃত্যুৰ পিছতেই প্ৰসেনজিতে ঘৰৰ পৰা ওলাই আহি ওচৰতে ৰৈ থকা ঝৰ্না পালক এখন চোকা দাৰে আক্ৰমণ কৰে।

দাৰ ঘাপত বৃদ্ধ ঝৰ্না পালৰ হাতৰ দুটা আঙুলি চিঙি পৰাৰ লগতে মূৰত বহু বাৰ ঘাপ মাৰে৷ ততাতৈয়াকৈ পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত লামডিঙ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে অতি সংকটজনক হোৱাৰ বাবে মহিলা গৰাকীক ডিফুলৈ প্ৰেৰণ কৰে উন্নত চিকিৎসাৰ বাবে। আনফালে অভিযুক্ত প্ৰসেনজিতে প্ৰহাৰ কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ বৰ্তমান লামডিঙ আৰক্ষী থানাত ভুক্তভোগী পৰিয়ালে এজেহাৰ দাখিল কৰাত লামডিঙ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in