অব্যাহত আছে চৰকাৰী চাউলৰ চোৰাং বেহা ! আৰক্ষীৰ তৎপৰতাত চোৰাং চাউলসহ এজনক আটক…

অব্যাহত আছে চৰকাৰী চাউলৰ চোৰাং বেহা ! আৰক্ষীৰ তৎপৰতাত চোৰাং চাউলসহ এজনক আটক…

ডিজিটেল সংবাদ লামডিংঃ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক অবমাননা কৰি ৰাজ্যত অব্যাহত আছে চোৰাং বেহা ৷ ৰেল নগৰী লামডিঙত এতিয়া চৰকাৰী চাউলৰ ওপৰতো শেনচকু একাংশ সূলভ মূল্যৰ দোকানৰ ব্যৱসায়ীৰ ৷ সোমবাৰে নিশা ডিমাহাচাও জিলাৰ আৰক্ষীয়ে লামডিঙত চলালে চৰকাৰী চোৰাং চাউলৰ বিৰুদ্ধে অভিযান৷

এইবাৰ লামডিঙৰ ব্যৱসায়ীয়ে চোৰাংভাৱে চাউলৰ বেহা কৰিবলৈ গৈ ডিমাহাচাও জিলাৰ আৰক্ষীৰ জালত পৰে ৷ উল্লেখ্য যে লামডিঙৰ নেতাজী ৰোডৰ লক্ষণ ঘোষৰ সূলভ মূল্যৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত ডিমাহাচাও জিলাৰ মান্দাৰদিচা আৰক্ষীয়ে লামডিং আৰক্ষীৰ সহযোগত চলালে অভিযান ৷

জানিব পৰামতে মান্দাৰদিচা আৰক্ষীয়ে আজি লামডিঙৰ পৰা ডিমাহাচাওলৈ প্ৰায় ১০০ বস্তা চোৰাং চাউল সৰৱৰাহ কৰা AS 02 CC 8825 নম্বৰৰ বাহন সহ চালকক আটক কৰিছিল ৷ সেই ঘটনাৰ সন্দৰ্ভত চোৰাং চাউলৰ সুত্ৰ বিচাৰি লামডিঙত আৰক্ষীয়ে অভিযান চলাই শান্তনো ঘোষ ওৰফে মুন্না নামৰ এজন ব্যৱসায়ীক আটক কৰে ৷

অভিযোগ অনুসৰি শান্তনো ঘোষে ব্যক্তিগত গুদামত চৰকাৰী চাউল সমূহ অন্য প্লাষ্টিকৰ বস্তাত পেকেটিং কৰি বহু দিনৰে পৰা লামডিঙৰ পৰা পাৰ্বত্য জিলা ডিমাহাচাওলৈ বিভিন্ন ব্যৱসায়ীক ৰপ্তানি কৰি আছিল এটা দুষ্ট চক্ৰৰ সহযোগত ৷ বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত মান্দাৰদিচা আৰক্ষীয়ে সাংবাদিকৰ সন্মুখত কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও অভিযুক্ত শান্তনো ঘোষক সোধ পোছৰ বাবে লৈ যায় ডিমাহাচাও জিলাৰ মান্দাদিচা আৰক্ষী চকীলৈ ৷

ইয়াৰ পূৰ্বেও একাংশ গ্ৰাহকে এইজন ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ কৰিছিল যদিও কোনো তথ্য পোহৰলৈ অহা নাছিল ৷ এতিয়া প্ৰশ্ন হয় কাৰ নেতৃত্বত এনেদৰে চলিছে চৰকাৰী চাউলৰ চোৰাং বেহা? ডিমাহাচাও জিলাৰ আৰক্ষী আৰু লামডিঙ আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in