লামডিঙত চোৰাং চন্দন কাঠসহ ২জনক আটক

লামডিঙত চোৰাং চন্দন কাঠসহ ২জনক আটক

ডিজিটেল সংবাদ, লামডিংঃ হোজাই জিলাৰ লামডিঙত বুধবাৰে চোৰাং চন্দন কাঠসহ দুজক ব্যক্তিক আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে যোৱা ১২ তাৰিখে লামডিং থানাৰ অন্তৰ্গত নখুঁটিৰ আজমল ফাউণ্ডেচনৰ বাগিচাৰ পৰা তিনিডালকৈ চন্দন গছ চুৰি হৈছিল৷ ব্যৱসায়ীয়ে চোৰাঙভাৱে নিশা কাটি লৈ গৈছিল গছ কেইডাল৷ পৰৱৰ্তী সময়ত লামডিং থানাত এজাহাৰ দাখিল কৰিছিল।

লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু নখুঁটি আই চি তুলন চন্দ্ৰ দাসৰ যৌথ অভিযানত নখুঁটি পৰা বুধবাৰে মুঠ ৬ কিলোগ্ৰাম ওজনৰ ১১ ডাল চন্দন কাঠৰ টুকুৰা উদ্ধাৰ হয়। আনফালে চুৰিকাণ্ডৰ লগত জড়িত থকা উদালিৰ তাহেৰ আলি আৰু চাৰ্কেবস্তিৰ আলতাফ হুচেইনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ হোৱা চন্দন কাঠখিনিৰ বজাৰৰ মূল্য ৪০হাজাৰ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in