বিদ্যুৎ বিভাগে ভাল জ্বলাইছে গহপুৰবাসীক

বিদ্যুৎ বিভাগে ভাল জ্বলাইছে গহপুৰবাসীক

ডিজিটেল সংবাদ, গহপুৰঃ ১৬ দিন ধৰি গহপুৰ নগৰৰ ১ নং ৱাৰ্ডৰ ধেনুধৰাৰ একাংশ গ্ৰাহক উপভোক্তাৰ লগতে সমীপৰ কেইবাখনো গাঁৱৰ ৰাইজক কম ভল্টেজে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে।

প্ৰবীণ শিল্পী পদ্ম ভূঞাৰ দৰে বয়োজ্যেষ্ঠ নাগৰিককে ধৰি বহু ভুক্ত ভোগীগ্ৰাহক-উপভোক্তাই গহপুৰ বিদ্যুৎ উপসংমণ্ডলৰ বৰমূৰীয়াক  আপত্তি দিবলৈ গৈয়ো লগ নাপায়। বিদ্যুতৰ কম ভল্টেজৰ বাবে বেছি অসুবিধাৰ সন্মুখীন হৈছে গহপুৰ পথাৰ, মূঢ়ানী গাঁও, ডেলহাউচি গাঁও আৰু গহপুৰ নগৰৰ এক নং ৱাৰ্ডৰ ধেনুধৰাৰ ছাত্ৰ-ছাত্ৰী সকল।

ইপিনে, উৎকট গৰমে দহিছে বয়োজ্যেষ্ঠসকলৰ লগত শিশুসকলকো। তদুপৰি মটৰেৰে পানী উঠাব নোৱৰাৰ বাবে খোৱাপানীৰ ক্ষেত্ৰতো ভুক্তভোগী ৰাইজ আন এক সংস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ভুক্তভোগী গ্ৰাহকসকলে শীৰ্ঘ্ৰে কম ভল্টেজৰ সমস্যাৰ সমাধান নকৰিলে ৰাজপথলৈ গৈ আন্দোলন কৰিব বুলিও হুংকাৰ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in