সন্মুখত ৱেলছৰ প্ৰতিদ্বন্দিঃ ৰজি একলেছক পৰাস্ত কৰিব পাৰিলেই পদক নিশ্চিত লাভলীনাৰ..

সন্মুখত ৱেলছৰ প্ৰতিদ্বন্দিঃ ৰজি একলেছক পৰাস্ত কৰিব পাৰিলেই পদক নিশ্চিত লাভলীনাৰ..

ডিজিটেল ডেস্কঃ আন এক সফলতালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। মাত্ৰ এখন মেচ জয় কৰিব পাৰিলেই পদক নিশ্চিত অসম কন্যা তথা মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰাপক লাভলীনা বৰগোহাঁই। অলিম্পিক পদক বিজয়ী লাভলীনাই বাৰ্মিংহামত আজি কোৱাৰ্টাৰ ফাইনেল মেচত অংশগ্ৰহণ কৰিব।

ভাৰতীয় সময় অনুসৰি নিশা ১১ঃ১৫ বজাত লাভলীনাৰ মেচ অনুষ্ঠিত হ'ব। মেচখনত লাভলীনাৰ প্ৰতিপক্ষ হ'ব ৱেলছৰ ৰোছি ইকলছ। কোৱাৰ্টাৰ ফাইনেলৰ এই মেচখনত জয়ী হ'লেই লাভলীনাৰ ব্ৰঞ্জৰ পজক নিশ্চিত। ৬৬ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰা লাভলীনাই ইয়াৰ পূৰ্বে প্ৰী কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই নিউজিলেণ্ডৰ   আৰাইন নিকলছনক ৫-০ ব্যৱধানত পৰাস্ত কৰিছিল।

উল্লেখ্য যে, আজিৰ মেচত লাভলীনাৰ প্ৰতিদ্বন্দি ৱেলছৰ ৰজি একলেছ ২০১৮ চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী বক্সাৰ। লাভলীনাই এই পৰ্যন্ত কমনৱেলথ গেমছত পদক লাভ কৰা নাই যদিও অলিম্পিকৰ মঞ্চত পদক অৰ্জন কৰি শক্তিশালী ৰূপত আছে। অৱশ্যে শেহতীয়াকৈ অনুষ্ঠিত বিশ্বচেম্পিয়নশ্বিপত লাভলীনা ব্যৰ্থ হৈছিল। সেয়া যিয়েই নহওক আজিৰ মেচখনত লাভলীনাই ৰজি একলেছক পৰাস্ত কৰি পদক নিশ্চিত কৰিব পাৰিব বুলি আশা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in