অলিম্পিকত পদক প্ৰায় নিশ্চিত অসমৰ লাভলীনাৰ

অলিম্পিকত পদক প্ৰায় নিশ্চিত অসমৰ  লাভলীনাৰ

অলিম্পিকত পদক প্ৰায় নিশ্চিত অসমৰ লাভলীনাৰ

ডিজিটেল ডেস্কঃ আগন্তুক টকিঅ' অলিম্পিকত পদক প্ৰায় নিশ্চিত অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ। বিশ্ব ক্ৰমৰ তিনি নং স্থানৰ মহিলা বক্সাৰ লাভলীনাই শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান এমেচাৰ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ৬৯ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা লাভলীনাই নিজকে প্ৰতিযোগিতাখনৰ বাবে সাজু কৰি তুলিছে। সদ্যসমাপ্ত এছিয়ান বক্সিং প্ৰতিযোগিতাত যেন তাৰেই প্ৰমান দাঙি ধৰিলে অসমৰ লাভলীনাই।

গোলাঘাটৰ বাৰমুখীয়া গাঁৱাৰ পৰা অলিম্পিকৰ মঞ্চলৈ বাট মুকলি কৰা লাভলীনা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বক্সাৰ, যিয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই ২০১৮ চনত নতুন দিল্লীত আৰু ২০১৯ চনত ৰাছীয়াত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকৰ উপৰিও ২০১৭ চনৰ এছিয়ান এেমচাৰ বক্সিং প্ৰতিযোগিতাত আৰু শেহতীয়াকৈ ডুবাইত ২৪ মেৰ পৰা ৩১ মেলৈ অনুষ্ঠিত হোৱা ৩১ সংখ্যক এছিয়ান এেমচাৰ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

কৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে এবছৰ পিছুৱাই দিয়া টকিঅ' অলিম্পিক আগন্তুক ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ'ব। মাজত আছে মাত্ৰ ৪৫ দিন। এনে সময়তে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাক লৈ ৰাজ্যত সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। সকলোৱে আশা কৰিছে দেশলৈ অলিম্পিকৰ পদক কঢ়িয়াই আনক লাভলীনাই। অৱশ্যে ৰাজ্যবাসীক লাভলীনাই যে নিৰাশ নকৰে সেয়া নিশ্চিত। বিশ্ব বক্সিং প্ৰতিযোগিতা, এছিয়ান বক্সিং প্ৰতিযোগিতা সকলোতে সফল হৈছে লাভলীনা। অলিম্পিক পদক জয়কেই চূড়ান্ত লক্ষ্য হিচাপে লোৱা লাভলীনাই অলিম্পিকত পদক লাভৰ বাবে কৰি গৈছে কঠোৰ অনুশীলন। ৬৯  কেজি ওজন শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাই অনুশীলনৰ বাবে বহু সময়ত নিজৰ ওজনৰ বক্সাৰ বিচাৰি নাপায়। যাৰ বাবে পুৰুষ বক্সাৰৰ সৈতেও অনুশীলনত লিপ্ত হৈছে লাভলীনা। শক্তিশালী পাঞ্চ, টেকনিক আদিৰ ক্ষেত্ৰত পুৰুষ বক্সাৰ শক্তিশালী হোৱাৰ লগতে তেওঁলোকৰ শাৰীৰিক উচ্চতাৰ বাবে লাভলীনাই পুৰুষৰ লগত অনুশীলন কৰি যথেষ্ট উপকৃত হৈছে বুলি প্ৰকাশ কৰিছে।

অলিম্পিকৰ প্ৰস্তুতিৰ মাজতে কৰটনাতো আক্ৰান্ত হৈছিল লাভলীনা। যাৰ বাবে উন্নত প্ৰশিক্ষণৰ বাবে ইউৰোপ ভ্ৰমণ কৰা ভাৰতীয় বক্সিং দলটোৰ লগত ভ্ৰমণ কৰিবলৈ পৰা নাছিল লাভলীনাই। আইতাকৰ মৃত্যুত নিজ ঘৰলৈ আহি পুনৰ প্ৰশিক্ষণস্থলীলৈ উভতি যাওঁতেই কৰটনাত আক্ৰান্ত হৈছিল লাভলীনা। অৱশ্যে ইয়াৰ পিছতেই লাভলীনাই কৰ'নাৰ ভেকচিন গ্ৰহণ কৰিছে।  

উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা অসমৰ তৃতীয়গৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্য, বক্সাৰ শিৱ থাপাই অলিম্পিকত দেশক প্ৰতিনিধিত কৰিছিল। অৱশ্যে ইয়াৰ কোনো এজনেই অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিহাস সৃষ্টি কৰি অসমৰ প্ৰথমগৰাকী মহিলা খলুৱৈ হিচাপে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাই প্ৰতিযোগিতাখনত পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে ৰাজ্যৰ প্ৰথমগৰাকী অলিম্পিক পদক প্ৰাপ্ত খলুৱৈ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in