নাৰী দিৱসৰ দিনাই জৰ্দানৰ পৰা অসমলৈ আহিব পাৰে এটা ভাল খবৰ…

নাৰী দিৱসৰ দিনাই জৰ্দানৰ পৰা অসমলৈ আহিব পাৰে এটা ভাল খবৰ…

ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই অসমলৈ আহিব পাৰে এটা ভাল খবৰ। অসম কন্যা বক্সাৰ লাভলীনাই অসমবাসীক দিব পাৰে এই ভাল খবৰটো। জৰ্দানত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ যোগ্যাতা অৰ্জন মেচত লাভলীনাই যদিহে প্ৰতিদ্বন্দ্বী খেলুৱৈক পৰাস্ত কৰে তেন্তে অলিম্পিক খেলাৰ সুযোগ লাভ কৰিব অসম কন্যাগৰাকীয়ে।

দেওবাৰে অনুষ্ঠিত হ'বলগীয়া মেচখন কিছু সময়ৰ পাছতে অনুষ্ঠিত হোৱাৰ কথা। লাভলীনাৰ বিৰুদ্ধে ৰিঙত নামিব কাজাখিস্তানৰ এগৰাকী খেলুৱৈ। যদিহে দেওবাৰে এই মেচত লাভলীনা জয়ী হয় অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী অসমীয়া মহিলা ৰূপে চিহ্নিত হ'ব লাভলীনা। ভাৰতীয় সময়নুসৰি সন্ধিয়া ৫ বজাত অনুষ্ঠিত হব এই মেচখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in