শেহতীয়া খবৰ
স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...

এটা ভাল খবৰলৈ অপেক্ষা কৰিব লাগিব আজি নিশা ১ বজালৈ…

ডিজিটেল ডেস্ক: এটা ভাল খবৰৰ বাবে অসমবাসী আজি উজাগৰে থাকিব লাগিব। সকলো ঠিকে ঠাকে থাকিলে নিশা ১ মান বজাত আহিব সেই সু খবৰ। আপুনি হয়তো ভাবিছে কি ভাল খবৰ আহিব এই ৰাতি।

ৱাৰ্মিংহামৰ পৰা আহিব এই খবৰ। কেৱল অসমৰ বাবে নহয়, সমগ্ৰ দেশৰ বাবে হ’ব এয়া সু খবৰ। আজি আছে লাভলীনা বৰগোঁহাইৰ খেল। ৭০ কেজি শাখাত লাভলীনা বৰগোঁহাই ৰিঙত নামিব।

ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ আত্ম বিশ্বাস বাঢ়িছে লাভলীনাৰ। আজি বাউটত নামিব লগা লাভলীনাৰ প্ৰতিদ্বন্দ্বি হ’ব ৱেলছৰ ৰজী একলেছ। শক্তিশালী প্ৰতিদ্বন্দ্বি ৰজী। প্ৰথমখন খেলত অৰ্থাত প্ৰি কোৱাৰ্টাৰত বাই পোৱা সূত্ৰে এইবাৰ কমনৱেলথ গেছমত এইখনেই তেওঁৰ প্ৰথম খেল।

যোৱাবাৰ কমনৱেলথ গেমচত ৰূপৰ পদক লাভ কৰিছিল ৰজীয়ে। আঘাতৰ বাবে টকিঅ অলিম্পিক খেলিব পৰা নাছিল তেওঁ। ২০১৬ চনত ইউৰোপিয়ান চেম্পিয়নশ্বিপতো ৰূপৰ পদক লাভ কৰিছিল ৰজীয়ে। এই খেল হ’ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা পূৰ্ণ।

নিশা ১২ বাজি ৩০ মিনিটত আছে খেল। লাভলীনাৰ খেল মানেই উত্তেজনা। অসম বাসীৰ থাকে সদায় শুভেচ্ছা। আজিও সেই শুভেচ্ছা আৰু আশাৰে ৰৈ থাকিব অসমবাসী। কিজানি আহেই সুখবৰ মাজৰাতি। কিয়নো বক্সিঙত চেমি ফাইনেললৈ পোৱা মানেই ব্ৰঞ্জৰ পদক নিশ্চিত। তাৰ পাছত আহিব ৰূপ বা সোণৰ পদকৰ কথা। দেশবাসীয়ে ভাৱে অলিম্পিকৰ দৰে চমক সৃষ্টিয়ে লাভলীনাই কমনৱেলথ গেমছত ৰচিব ইতিহাস। নহয়নমনিৰ পাছত এতিয়া সকলোৰে মুখত লাভলীনা।

আৰু পঢ়ক: সলনি কৰক হোৱাটচ এপৰ ডিপি…