শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

ছেমি ফাইলেনত থমকিল লাভলিনা, কি ক’লে পিতৃয়ে…

541

ডিজিটেল সংবাদ, সৰুপথাৰঃ অৱশেষত থমকি ৰ’ল লাভলিনা বৰগোঁহাই। শনিবাৰে সন্ধিয়া ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বস্কিং চেম্পিয়নশ্বিপত ৬৯ কিলোগ্ৰাম শাখাত ছেমিফাইনেলত প্ৰতিপক্ষ চীনৰ এল ইয়াঙৰ হাতত ৩-২ ব্যৱধানত পৰাস্ত হয় লাভলিনা। অৱশ্যে ছেমিফাইনেলত প্ৰবেশ কৰা সূত্ৰে লাভলিনা বৰগোঁহাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছিল।

শনিবাৰে ছেমিফাইনেল অনুষ্ঠিত হৈ থকা সময়ত তেওঁৰ বৰপথাৰস্থিত বাসগৃহত বিভিন্নজনে তেওঁৰ খেল উপভোগ কৰা পৰিলক্ষিত হয়। লাভলিনা পৰাস্ত হোৱাত তেওঁৰ পৰিয়াল তথা গাওঁবাসীয়ে কিছু দুখ প্ৰকাশ কৰা কৰিছে।

তেওঁ প্ৰথম অৱস্থাত ভাল খেল প্ৰদৰ্শন কৰিছিল যদিও শেষত এটি পইন্টত প্ৰতিপক্ষৰ হাতত পৰাস্ত হবলগীয়া হয়। অনাগত দিনত ইয়াতকৈ আৰু ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰিছে পিতৃ টিকেন বৰগোঁহাই আৰু ক্ৰিয়া সংগঠক সোভৱ চৌধুৰীয়ে।

পিতৃয়ে কয় যে, সদায়ে তেওঁলোকে কন্যাৰ সফলতাক লৈ সুখী হৈ আহিছে। নিজৰ ঠাইৰ লগতে তেওঁ জিলাখনৰ বাবেও যে কিবা এটা কৰিব পাৰিছে সেই বিষয়ত পিতৃ-মাতৃ সুখী বুলি মন্তব্য কৰিছে পিতৃয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি