হলাহল পান কৰি হাতত ধৰাধৰিকৈ প্ৰেমিক যুগলৰ আত্মহত্যা

হলাহল পান কৰি হাতত ধৰাধৰিকৈ প্ৰেমিক যুগলৰ আত্মহত্যা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বেলগুৰি দমদমা চাহ বাগিছাত আজি এহাল প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিহপান কৰি আত্মহত্যা কৰা প্ৰেমিক যুগলৰ নাম ৰাজু ৰাভা আৰু প্ৰীতিকা ৰাভা।

ইয়াৰে প্ৰেমিক ৰাজু ৰাভাৰ ঘৰ হৰিণাগুৰি বেলগুৰিত আৰু প্ৰেমিকা প্ৰীতিকা ৰাভাৰ ঘৰ কাজিগাঁও আমগুৰিত বুলি জনাইছে আৰক্ষীয়ে। প্ৰাপ্ত বাতৰি অনুসৰি দমদমা চাহ বাগিছাৰ স্বত্বাধিকাৰী সমেশ্বৰ ৰাভাই আজি চাহবাগিছাত এজন যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে তৎকালে ঘটনাস্থলীত উপস্থিত হৈ যুৱক-যুৱতীহালৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কীটনাশক দ্ৰব্যৰ খালী বটল এটা উদ্ধাৰ কৰিছে। প্ৰেমিক যুগলৰ হাত দুখন বন্ধা অৱস্থালৈ চাই আত্মহত্যাৰ পূৰ্বে দুয়োজনে ইজনে সিজনৰ হাত বান্ধি বিহপান কৰিছিল বুলি সন্দেহ কৰা হৈছে। স্থানীয় লোকসকলে প্ৰেমত পৰিয়ালৰ পৰা পোৱা বাধাৰ বাবেই এনেদৰে দুয়ো আত্মহত্যা সংঘটিত কৰা বুলি মন্তব্য কৰা দেখা গৈছে।

পৰিয়ালৰ লোকে তেওঁলোকৰ আত্মহত্যাৰ কাৰণ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰি ঘটনাটোক দূৰ্ভাগ্যজনক আখ্যা দিয়ে। আনহাতে কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীয়ে প্ৰেমজনিত কাৰণতে যুৱক-যুৱতীহালে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in