চেক্টৰ-১ৰ সেউজ নগৰ টিলাত উপহাৰ কুপনৰ খেল

চেক্টৰ-১ৰ সেউজ নগৰ টিলাত উপহাৰ কুপনৰ খেল

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিহু উপলক্ষ্যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে উপহাৰ কুপনৰ খেল। উৰুকাৰ দিনা অনুষ্ঠিত বহু খেলৰ পুৰস্কাৰ আছিল পঠা ছাগলী, চিতল মাছ, হাঁহ-পাৰ, কোমোৰা আদি। বিহু পাৰ হ'ল যদিও এটিয়াও বিভিন্ন স্থানত অনুষ্ঠিত হৈ আছে এনে খেল। উজনিৰ পৰা নামনিলৈ অনুষ্ঠিত উপহাৰ কুপনৰ খেলৰ পুৰস্কাৰ অৱশ্যে হাঁহ- পাৰ নহয়। বিলাসী গাড়ীৰ পৰা স্মাৰ্ট ফোন, ফ্ৰীজ, এল ই ডি টিভি আদি সা- সামগ্ৰীহে।

দেওবাৰে গুৱাহাটী মহানগৰীৰ সেউজ নগৰ টিলাটো উন্নয়ন সমিটিৰ উদ্যোগত নামঘৰৰ সাহাৰ্যাৰ্থে অনুষ্ঠিত হয় এনে এক উপহাৰ কুপনৰ খেল। এই খেলত এল ই ডি টিভিৰ পৰা প্ৰেচাৰ কুকাৰলৈকে মুঠ ১৫ টা পুৰস্কাৰ আগবঢ়োৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২ অধিবক্তা ক্ৰমে অৱনী ঠাকুৰ, দিপাংকৰ বাগছী, পূব গুৱাহাটী ভূমি সংস্কাৰ সমিটিৰ সভাপতি ডম্বৰুধৰ তালুকদাৰ আৰু সাংবাদিক প্ৰকাশ মহন্ত বিচাৰক হিচাপে থকা খেলখনত একাদিক্ৰমে প্ৰথমৰ পৰা পঞ্চদশলৈকে পুৰস্কাৰ প্ৰাপ্ত উপহাৰ কুপনৰ নম্বৰ সমূহ হ'ল 4084, 5778, 4403, 5637, 5557, 1872, 3773, 5740, 4933, 3747, 5048, 4475, 6008, 3676 আৰু 1873।

হেমন্ত ভাগৱতী আৰু বিষ্ণু দত্তই আট ধৰা খেলখনত মাজুলীৰ বিশিষ্ট নাগৰিক তথা ধৰ্মপ্ৰাণ ব্যক্তি দ্ৰোণ ভাগৱতীসহ সেউজ নগৰৰ বহু জ্যেষ্ঠ নাগৰিক আৰু শতাধিক ৰাইজ উহস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in