৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পতাকাৰে দেশজুৰি চৰ্চিত বাক্সাৰ উপৰখুঁটি

৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পতাকাৰে দেশজুৰি চৰ্চিত বাক্সাৰ উপৰখুঁটি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৭২ সংখ্যাক স্বাধীনতা দিৱসত সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে অসমৰ এখন গাঁৱৰ এটা সংঘই। এখন বিশেষ পতাকাৰ বাবে দেশবাসীৰ মাজত চৰ্চা লাভ কৰা এই সংঘটো হৈছে বাক্সা জিলাৰ উপৰখুঁটি গাঁৱৰ ছানৰাইজ যুৱ সংঘ।

স্বাধীনতা দিৱস উপলক্ষে বুধবাৰে সমগ্ৰ গাঁওখনৰ শতাধিক লোকে প্ৰদৰ্শন কৰে প্ৰায় ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন বিশেষ পতাকা। গাঁওখনৰ মাজেৰে যোৱা মূল পথটোত এই পতাকাখন শতাধিক লোকে দুয়োফালে শাৰী পাতি দাঙি ধৰাৰ ফটোৱে ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো স্থান পাইছে।

অসমৰ শতাধিক ফেচবুক পেজ, গ্ৰুপৰ লগতে ৰাষ্ট্ৰীয় প্ৰযায়ৰ ফেচবুক পেজ আৰু গ্ৰুপতো শ্বেয়াৰ হৈছে উপৰখুঁটি গাঁৱৰ এই বিশেষ পতাকাৰ আলোকচিত্ৰ। অসমৰ এই গাঁওখনৰ স্থানীয় লোকসকলৰ এনে কাৰ্যক বহুতে প্ৰশংসা কৰাৰ লগতে আন একাংশই ইয়াক নিন্দা কৰাও দেখা গৈছে।

দেশৰ আগশাৰীৰ নিউজ এজন্সী এ এন আইয়ে এই ফটোখন নিজৰ টুইটাৰ একাউণ্টত পোষ্ট কৰাৰ পিছতে বহু লোকে গাঁওবাসীৰ এনে কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। ৰিটুইট কৰি একাংশ টুইটাৰ ইউজাৰে উপৰখুঁটি গাঁৱৰ ছানৰাইজ যুৱ সংঘই এনে কাৰ্যৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকাখনক অৱমাননা কৰাৰ অভিযোগ তুলিছে।

এটা টুইটত  হেণ্ডেলৰ পৰা সিদ্ধাৰ্থ চতুৰ্বেদী নামৰ এজনে টুইট কৰি কৈছে, 'দেশপ্ৰেম প্ৰদৰ্শন কৰাতো ভাল কিন্তু এই পতাকাখনে পতাকাৰ আকাৰৰ নিৰ্দিষ্ট অনুপাত ৩ঃ২ সম্পূৰ্ণৰূপে উলংঘা কৰিছে। এইখনক ত্ৰিৰংগা বুলিব পাৰি জানো?' একেই মন্তব্য কৰিছে আন কেবাজনো টুইটাৰ ইউজাৰে। সেয়া হ'লেও অধিকাংশ লোকে ছানৰাইজ যুৱ সংঘৰ এই কাৰ্যক প্ৰশংসা কৰাটোৱেই পৰিলক্ষিত হৈছে। উল্লেখ্য যে, বিশ্ব এথলেটিকছত স্বৰ্ণজয়ী হিমা দাসলৈ এই পতাকাখন উৎসৰ্গা কৰিছে সংঘটোৰ সদস্যসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in