ফেচবুকত অকলশৰীয়া লোকৰ ভিৰ

ফেচবুকত অকলশৰীয়া লোকৰ ভিৰ

ডিজিটেল ডেস্ক: ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছএপ। সকলোবোৰ মিলি এখন মায়াময় জগত। এই জগতখনত ভৰি থলে এনে লাগে যেন পৃথিৱীখন এখন তেনেই সৰু গাঁও। আৰু এইবোৰৰ সৈতে জড়িতসকল একো একোজন বিশ্ব নাগৰিক। মুঠৰ ওপৰত বিষয়টোক লৈ কিবা এটা ক'বলৈ গ'লেই মনলৈ আহে 'গ্ল'বেল ভিলেজ'ৰ কথা।

বাস্তৱত পিছে দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি। এনে পৰিপ্ৰেক্ষিততে বহুতে কোৱা-কুই আৰম্ভ কৰিছে যে বিশ্ব নাগৰিক নহয়, ইয়াৰ সৈতে জড়িতসকলৰ অধিকাংশই হেনো একো একোজন নিসংগ লোক!

বহুতৰে এনে অনুমানকে এতিয়া সঁচা প্ৰমাণিত কৰিছে কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকে। গৱেষকৰ দলটোৱে চলোৱা সমীক্ষাটোত কোৱা হৈছে যে যিসকল লোক ছ'চিয়েল মিডিয়াত অধিক সক্ৰিয়, সেইসকলৰ মাজত একাকীত্ব সকলোতকৈ অধিক। লগতে তেওঁলোকৰ মাজত অৱসাদৰ ভাবো অধিক হোৱা দেখা যায়।

১৮ৰ পৰা ৫২ বছৰ বয়স পৰ্যন্ত ৩ হাজাৰ ৭৭ গৰাকী লোকৰ ওপৰত চলোৱা সমীক্ষাৰ অন্তত এই কথা সদৰী কৰিছে দলটোৱে। সমীক্ষাটোত ১০টাকৈ ছ'চিয়েল মিডিয়াক সামৰি লোৱা হৈছিল। এই কেইটা হৈছে ফেচবুক, ইউটিউব, টুইটাৰ, ইনষ্টাগ্ৰাম, পিণ্টাৰেষ্ট, গুগল প্লাছ, স্নেপচাট, ৰেডিট, টাম্বলাৰ আৰু লিংকেডন।

সমীক্ষাৰ ফলাফল প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে বিশেষজ্ঞৰ দলটো। কিয়নো এই ১০টা ছ'চিয়েল মিডিয়াত যিসকল লোকে দিনটোৰ অধিকাংশ সময় ব্যয় কৰে, সেই সকলৰ মাজৰ অধিকাংশই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছিল।

সমীক্ষাৰ ফলাফলত দেখা গৈছে যে, যিসকলে প্ৰতি সপ্তাহে ৫৮ বাৰতকৈ অধিক সময় ছ'চিয়েল মিডিয়া ভিজিট কৰে তেওঁলোকৰ এনে অকশৰীয়া যেন লগা অনুভৱ সপ্তাহত ৯ বাৰ বা তাতকৈয়ো কম সময় অনলাইন থকাসকলতকৈ ৩ গুণ অধিক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in