ভাৰতলৈ কেতিয়া, কি ক’লে বিজয় মালিয়াই? চাওক VIDEO

ভাৰতলৈ কেতিয়া, কি ক’লে বিজয় মালিয়াই? চাওক VIDEO

ডিজিটেল ডেস্কঃ লণ্ডনত এতিয়া ক্ৰিকেট খেল চোৱাত ব্যস্ত সুৰা মাফিয়া বিজয় মালিয়া। শুকুৰবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত লণ্ডনৰ অভেলত অনুষ্ঠিত অন্তিমখন টেষ্ট চাই ঘৰমুৱা হোৱাৰ সময়ত সাংবাদিকৰ মুখামুখি হয় দেশ এৰি পলায়ন কৰা মালিয়া।

৯ হাজাৰ কোটি টকাৰ ঋণ পৰিশোধ নকৰা গোচৰত অভিযুক্ত হৈ দেশ এৰি পলায়ন কৰা মালিয়াক সাংবাদিকে ভাৰতলৈ কেতিয়া যাব বুলি প্ৰশ্ন কৰাত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে। সকলো বিচাৰ ব্যৱস্থাই কৰিব বুলি কৈ সাংবাদিকক উত্তৰ দিবলৈ এয়া কোনো ক্ৰিকেট খেল নহয় বুলিও মন্তব্য কৰে সুৰা মাফিয়াগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in