শেহতীয়া খবৰ
বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

‘লোকসভা নিৰ্বাচনত বিজেপিয়ে খৰচ কৰিছিল ২৭ হাজাৰ কোটি টকা’…

180

ডিজিটেল ডেস্ক: সদ্য সমাপ্ত লোকসভা নিৰ্বাচনক লৈ বাক বিতণ্ডা যেন এতিয়াও মাৰ যোৱা নাই। নিৰ্বাচনত চৰম বিপৰ্যয় হলেও কংগ্ৰেছে শুকুৰবাৰে বিজেপিক কটাক্ষ কৰি ক’লে যে লোকসভাত দলটোৱে খৰচ কৰা ধনৰ পৰিমাণ ৰাজহুৱা কৰক। লগতে নিৰ্বাচনৰ হিচাপক লৈ বিজেপিয়ে এখন শ্বেতপত্ৰ প্ৰকাচ কৰাৰো আহ্বান জনালে কংগ্ৰেছে।

‘চেন্টাৰ ফৰ মিডিয়া ষ্ট্ৰাডিজ’ কৰা এক সমীক্ষাৰ দোহাই দি কংগ্ৰেছ নেতা অভিষেক সিংভিয়ে বিজেপিক জনালে এই আহ্বান।

উল্লেখ্য যে, ‘চেন্টাৰ মিডিয়া ষ্ট্ৰাডিজ’ৰ সমীক্ষাত কোৱা হৈছে যে, সপ্তদশ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা সকলো দলে মুঠ খৰচ কৰা ধনৰ পৰিমাণ হ’ল প্ৰায় ৬০,০০০ কোটি টকা। এই ধনৰ ৪৫ শতাংশ অথাৎ ২৭,০০০ কোটি টকা বিজেপিয়ে খৰচ কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি