লোহাৰঘাটত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতেই বনাঞ্চলৰ অবাধ ধ্বংস যজ্ঞ, ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

লোহাৰঘাটত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতেই বনাঞ্চলৰ অবাধ ধ্বংস যজ্ঞ, ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, ছয়গাঁওঃ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয় এলেকাৰ পাহাৰত চলি আছে বন ধ্বংস যজ্ঞ। একাংশ উৎকোচ লোৱা বিষয়াৰ ছত্ৰছায়াতেই অঞ্চলটোৰ সেউজীয়া পাহাৰ বিদীৰ্ণ কৰি কাঠ মাফিয়াই নিৰ্বিবাদে চলাই গৈছে চৰম লুণ্ঠনৰাজ। অভিযোগ মতে, বিভাগীয় দুৰ্বলতাৰ সুযোগ লৈয়ে মিৰ্জা-চানডুবি আৰু ৰাণী-চানডুবি সংযোগী পথ দুটাৰে কাঠ মাফিয়া চক্ৰই দৈনিক সৰবৰাহ কৰিছে চোৰাং কাঠ।

স্থল পথৰ উপৰি নদী পথৰেও অঞ্চলটোৰ পৰা কাঠৰ অবৈধ সৰবৰাহ হৈ আছে। কিন্তু সকলো দেখি-শুনিও অবৈধ বেপাৰী চক্ৰৰ সৈতে গোপন মিতিৰালিৰে মেনেজ হৈ আছে একাংশ বিষয়া। ইফালে, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰো নিৰ্বিকাৰ ভূমিকাৰ বাবেই বিশেষকৈ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ শান্তনু পাটোৱাৰীয়ে মাফিয়া চক্ৰক বনাঞ্চল ধ্বংসৰে কাঠৰ অবৈধ সৰবৰাহৰ সুযোগ প্ৰদান কৰি অহাৰ গুৰুতৰ অভিযোগ পোৱা গৈছে।

প্ৰাপ্ত অভিযোগ অনুসৰি, পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চল, চানডুবিৰ সমীপৰ ২ নং জুপাংবাৰী, জিমপুটা, লুতিপথাৰত দীৰ্ঘ দিন ধৰি এটা অসাধু চক্ৰই বন ধ্বংস চলাই আহিছে। বিশেষকৈ কাৰ্যালয়টোৰ এলেকাৰ পাহাৰত বিগত প্ৰায় তিনি বছৰৰ ভিতৰত বন ধ্বংসৰ লগতে এলেকাটো অন্তৰ্গত পথেৰে চোৰাং কাঠৰ সৰবৰাহে চৰম ৰূপ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, কাৰ্যালয়ৰ এলেকাত চলা এনে দুষ্কাৰ্য ৰোধৰ ক্ষেত্ৰত ৰেঞ্জাৰ শান্তনু পাটোৱাৰীৰ নিৰ্বিকাৰ ভূমিকাক লৈ সৰৱ হৈ উঠিছে বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা। সংগঠনটোৰ অভিযোগ অনুসৰি ৰেঞ্জাৰ পাটোৱাৰীয়ে কাৰ্যালয়টোত যোগদান কৰা দিন ধৰি আজিলৈ চোৰাং কাঠৰ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত অতি ৰহস্যজনক ভূমিকাত অৱতীৰ্ণ হৈ আহিছে।

ৰাইজ আৰু একাংশ সংগঠনে খবৰ দিয়াৰ পাছতো চোৰাং কাঠ জব্দ কৰিবলৈ আহৰি নাপাই পাটোৱাৰীয়ে। আনকি বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া-কৰ্মীয়ে ধৰি চমজাই দিয়া চোৰাং কাঠ কঢ়িওৱা গাড়ীও মোকলাই দিয়ে এইগৰাকী ৰেঞ্জাৰে। জানিব পৰামতে, কিছুদিন পূৰ্বে বাগান কলঘৰত চোৰাং বেপাৰীয়ে কাটি থৈ যোৱা প্ৰায় ২০টা শাল গছৰ কুণ্ডা প্ৰত্যক্ষ কৰি কলঘৰৰ মেনেজাৰে বিষয়টো ৰেঞ্জাৰ পাটোৱাৰীক অৱগত কৰিছিল। কিন্তু উক্ত গছৰ কুণ্ডা কেইটা উদ্ধাৰৰ বাবে পাটোৱাৰীয়ে কোনো ধৰণৰ ব্যৱস্থাই হাতত নল'লে। যাৰ ফলত বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্র সন্থাই নিজাববীয়াকৈ কুণ্ডাকেইটা উদ্ধাৰ কৰিবলগীয়া হয়।

উল্লেখ্য যে, উক্ত কুণ্ডা কেইটা বৰ্তমানো লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ গাতে লাগি থকা বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণতে মজুত আছে। অভিযোগ অনুসৰি, পূৰ্বেও ছাত্ৰ সংগঠনটোৱে বহুবাৰ চোৰাং কাঠ কঢ়িওৱা গাড়ী ধৰি চমজাই দিছিল যদিও ৰেঞ্জাৰ শান্তনু পাটোৱাৰীয়ে অতি ৰহস্যজনকভাৱে মোকলাই দিছিল। সংগঠনটোৰ বিষয়ববীয়াৰ পৰা জানিব পৰা মতে, যোৱা ১০ জুলাইত চোৰাং কাঠ কঢ়িওৱা গাড়ীয়ে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ পৰীক্ষণ গেট এটা খুন্দিয়াই ভাঙি থৈ যায়।

আনহাতে, যি স্থানত বন ধ্বংস যজ্ঞ চলিছে সেই স্থানলৈ যোৱা সংযোগী পথত চোৰাং কাঠ কঢ়িওৱা গাড়ী চলাচল কৰিব নোৱৰাকৈ ড্ৰেইন খান্দি দিয়াৰ বাবেও ছাত্ৰ সংগঠনটোৱে ৰেঞ্জাৰ পাটোৱাৰীৰ লগতে পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ' ৰঞ্জন গোস্বামীকো আবেদন কৰিছিল। কিন্তু বিভাগীয়ভাৱে কোনো পদক্ষেপ নোলোৱাত সেই ব্যৱস্থাও ছাত্ৰ সংগঠনটোৱেই কৰিব লগা হয়। মুঠতে চোৰাং কাঠৰ সৰবৰাহ ৰোধক লৈ ৰেঞ্জাৰ পাটোৱাৰীয়ে চকু মুদা কুলি ভাওত অৱতীৰ্ণ হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভোলাগাঁও আৰু গৰগৰা, মিৰ্জা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভূৰাপাৰা,  অসম-মেঘালয় সীমান্তৰ ৰাণীবাৰী, ভালাখোৱা, লুংখুং অঞ্চলত প্ৰায় ১০ টা অবৈধ কাঠ ফলা কল আছে। লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয় এলেকাৰ পাহাৰত কটা গছৰ কুণ্ডাও এই অবৈধ কলসমূহলৈয়ে একাংশ ডি আই গাড়ীযে সৰবৰাহ কৰা হয়। আনহাতে, বৰগৰং আৰু লাংখাৰৰ পৰাও কলহী নৈৰে এটা চক্ৰই বাঁহৰ ভূৰত বান্ধি অবৈধভাৱে কাঠ সৰবৰাহ কৰি আছে। অভিযোগ অনসৰি এনেদৰে নদী পথেৰে অনা কাঠৰ কুণ্ডাৰ সৰহভাগে ছয়গাঁৱৰ ঘোঁৰামাৰা অঞ্চলৰ এজন যুৱকৰ গৃহলৈ আহে।

স্বয়ং একাংশ বিষয়াৰ আশীৰ্বাদতে এইগৰাকী যুৱকে দীৰ্ঘদিন ধৰি নিজ গৃহৰ পৰাই অবাধে কাঠৰ চোৰাং বেপাৰ চলাই আহিছে। উল্লেখযোগ্য যে, বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অঞ্চলটোত চলা বন ধ্বংসৰ বিৰুদ্ধে পদক্ষেপ লৈ আহিছে। সংগঠনটোৱে ৰাইজৰ মাজত বিভিন্ন সময়ত বনাঞ্চল সংৰক্ষণ বিষয়ক সজাগতা সভাও পাতি আহিছে। তাৰ বিপৰীতে ৰেঞ্জাৰ শান্তনু পাটোৱাৰীৰ নিৰ্বিকাৰ ভূমিকাক লৈ সংগঠনটোৰ লগতে ৰাইজে উদ্বিগ্নতা প্ৰকাশ কৰিছে।

এক প্ৰকাৰে মুকলিকৈ এলেকাটোত বন ধ্বংস আৰু কাঠৰ অবৈধ সৰবৰাহ চলি থকাৰ পিচতো বিভাগীয় মন্ত্ৰী তথা শীৰ্ষ মহলে কোনো ব্যৱস্থা নোলোৱাত অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাক লৈ সংগঠনটো চিন্তিত হৈ পৰিছে। অবাধ বন ধ্বংসই যাতে ভৱিষ্যতে প্ৰাকৃতিক পৰিবেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱ নেপেলাই তাৰ বাবে বিষয়টোৰ তদন্তৰ লগতে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই চৰকাৰৰ ওচৰত দাবী জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in