কামৰূপ (মঃ)ত ১০ জুলাইৰ পৰা লকডাউনৰ নতুন নিৰ্দেশনাৱলী…

কামৰূপ (মঃ)ত ১০ জুলাইৰ পৰা লকডাউনৰ নতুন নিৰ্দেশনাৱলী…
  • কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে কামৰূপ মেট্ৰ'ত ৫ জুলাইৰ পৰা ১২ জুলাইলৈ সম্পূৰ্ণ লকডাউন ঘোষণা।
  • অৱশ্যে এই লকডাউনৰ সফলত বহু অসুবিধাৰো সন্মুখীন হৈছে গুৱাহাটী মহানগৰবাসী।
  • সেয়েহে অসম চৰকাৰে ১০ জুলাই, ২০২০ৰ পৰা দিছে নতুন নিৰ্দেশনা।
  • সেই নিৰ্দেশ অনুসৰি, পাইকাৰী ব্যৱসায়ীসকলে ১০ জুলাইত অত্যাৱশ্যকীয় সামগ্ৰী ষ্ট'ক কৰিব পাৰিব।
  • ১০ জুলাইৰ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত ষ্ট'ক কৰিব পাৰিব চাউল, আটা, দাইল, পিঁয়াজ, আলু, নিমখ আদি।
  • পাইকাৰী ব্যৱসায়ীসকলে ১১ জুলাইৰ পুৱা ১০ বজাৰ পৰা ৬ বজালৈকে খুচুৰা ব্যৱসায়ীসকলক বিক্ৰী কৰিব পাৰিব খাদ্য সামগ্ৰীসমূহ।
  • খুচুৰা ব্যৱসায়ীয়ে ১১ জুলাইত অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰিব পাৰিব।
  • অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰাৰ সময় পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজা।
  • পথৰ কাষৰ কোনো অস্থায়ী দোকান খুলিব নোৱাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in