যাত্ৰা আৰম্ভঃ দেশৰ ভিন্ন বিমান বন্দৰৰ শেহতীয়া পৰিৱেশ…

যাত্ৰা আৰম্ভঃ দেশৰ ভিন্ন বিমান বন্দৰৰ শেহতীয়া পৰিৱেশ…

ডিজিটেল ডেস্কঃ প্ৰায় তিনিটা পৰ্যায়ৰ লকডাউনৰ শেষত চতুৰ্থ পৰ্যায়ৰ লকডাউন অব্যাহত থকাৰ মাজতে দেশত সোমবাৰৰ পৰা আৰম্ভ হৈছে ঘৰুৱা বিমান সেৱা। কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ ওপৰত লক্ষ্য ৰাখি পুৱাৰে পৰা বিভিন্ন বিমান বন্দৰত দেখা গৈছে ব্যস্ততা।

দিল্লী ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰঃ

সোমবাৰে পুৱাৰে পৰা বিমান কৰ্মচাৰীসকলৰ মাজত ব্যস্ততাৰ লগতে বিমান বন্দৰৰ ভিতৰত থকা বিভিন্ন বিপণীও গ্ৰাহকৰ বাবে খুলি দিয়া হৈছে।

লক্ষ্ণৌ এয়াৰপৰ্টঃ

বিভিন্ন সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে লক্ষ্ণৌ এয়াৰপৰ্টটো। যাত্ৰীসকলক কৰা হৈছে স্বাস্থ্য পৰীক্ষা।

মুম্বাই চত্ৰপতি শিৱাজী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰঃ

পুৱাৰে পৰা যথেষ্ট যাত্ৰীৰ দীঘলীয়া শাৰী দেখা হৈছে মুম্বাই চত্ৰপতি শিৱাজী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত। সকলোকে স্বাস্থ্য পৰীক্ষা কৰি বিমানৰ ভিতৰত প্ৰৱেশৰ ব্যৱস্থা।

চেন্নাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰঃ

সামাজিক দুৰত্ব বজাই ৰাখিবলৈ সকলোকে আহ্বান জনাইছে চেন্নাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ কৰ্তৃপক্ষই। ইয়াতো পুৱাই যথেষ্ট সংখ্যক যাত্ৰীৰ সমাগম হৈছে।

চত্তীশগড়ৰ স্বামী বিবেকানন্দ বিমান বন্দৰঃ

যাত্ৰীসকল প্ৰৱেশ পূৰ্বেই চেনিচাইজ কৰা হৈছে চত্তীশগড়ৰ স্বামী বিবেকানন্দ বিমান বন্দৰৰ চৌহদ। সকলো সৰ্তকতা পালন কৰিছে এই বিমানবন্দৰতো।

এনেকৈয়ে দেশৰ বিভিন্ন বিমান বন্দৰত পুৱাৰে পৰা দেখা গৈছে ব্যস্ততা। উল্লেখ্য যে, এই বিমান যাত্ৰাৰ সময়ত যাত্ৰীসকলৰ মাজত সামাজিক দুৰত্ব নাথাকিব। কিন্তু সকলোৰে থাকিব ফেচ মাস্ক আৰু হাত মোজা। সোমবাৰে ১০০০ৰো অধিক বিমানে যাত্ৰা কৰিব দেশৰ বিভিন্ন প্ৰান্তলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in