শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

লকডাউনঃ চৰাইদেউ জিলাত দোকানী আৰু গ্ৰাহকলৈ নিৰ্দেশনা জাৰি…

509

ডিজিটেল সংবাদ, চৰাইদেউঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত সমগ্ৰ দেশত ২১ দিন লকডাউন ঘোষণা কৰা হৈছে। এই সময়চোৱাত চৰাইদেউ জিলাৰ সকলো পাইকাৰী গেলামালৰ দোকানীয়ে পুৱা ৮ বজাৰ পৰা আবেলি ১ বজালৈকে আৰু খুচুৰা গেলামালৰ দোকানবোৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰাৰ কাৰণে খোলা হ’ব বুলি জানিবলৈ দিছে৷

এই ক্ষেত্ৰত দোকানীসকলে লগতে গ্ৰাহকসকলে জিলা প্ৰশাসনৰ কিছুমান আদেশ মানি চলিব লাগিব বুলি উল্লেখ কৰিছে৷ একে সময়তে ৫ জনতকৈ অধিক লোক গেলামালৰ দোকানত গোট খাব নোৱাৰিব, দোকানীৰ লগত আৰু গ্ৰাহকসকলে নিজৰ মাজত ১ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব, হাত ধোৱাৰ বাবে দোকানীসকলে দোকানৰ সন্মুখত চাবোন আৰু পানীৰ ব্যৱস্থা কৰি দিব লাগিব, দোকানীজনে দোকানখন চাফ চিকুনকৈ ৰাখিব লাগিব প্ৰকাশ কৰা হৈছে৷ এই আদেশ অমান্য কৰা সকলৰ বিৰুদ্ধে ১৮৮ ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি