শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

১৫ এপ্ৰিলত অন্ত পৰিব লকডাউন! মুখ্যমন্ত্ৰীয়ে কৰিছে টুইট…

10,023

ডিজিটেল ডেস্কঃ লকডাউন অন্ত পৰিব ১৫ এপ্ৰিলত। এই প্ৰসংগত এটা টুইট কৰিছিল অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে। যি টুইট অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ভাৰততে ভাইৰেল হৈ পৰিছিল। কোৰোনাৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি হোৱাৰ সময়তে লকডাউন কেতিয়া অন্ত পৰিব তাক লৈ কৰা টুইটটোক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

মুখ্যমন্ত্ৰীগৰাকীৰ অফিচিয়েল টুইটাৰত প্ৰকাশ কৰা টুইটত লগতে লিখা হৈছিল লকডাউন শেষ হৈছে মানে এয়া নহয় যে, আমি পথত ঘূৰি ফুৰিম। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আমি সকলোৱে সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব বুলিও টুইটত প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

Lockdown को लेकर अरुणाचल के सीएम का बड़ा ...

অৱশ্যে কিছু সময়ৰ পিছতে ডিলিট কৰা হৈছিল এই টুইট। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটটো ডিলিট কৰি লিখিছিল, হিন্দীত সুন্দৰভাৱে দখল নথকা এজন বিষয়াই লকডাউনৰ প্ৰসংগত দিয়া টুইটটো লিখিছিল। যাৰ বাবে এই টুইট ডিলিট কৰি দিয়া হৈছে।

এগৰাকী মুখ্যমন্ত্ৰীয়ে সংঘটিত কৰা এনে ভুলক সাধাৰণভাৱে ল’ব পৰা নাই বিভিন্নজনে। লকডাউনৰ দৰে এক বিষয়ক লৈ কৰা লৰা-ধেমালিৰ দৰে কাৰ্যৰ বিৰোধিতা কৰিছে বহুলোকে। যাৰ বাবে ছ’চিয়েল মিডিয়াত ক্ষোভ আৰু সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীগৰাকী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি